নতুন দিল্লী, ০৫ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম বাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে শিক্ষক দিৱসত সকলোকে অভিনন্দন জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে। প্ৰধানমন্ত্ৰী মোডী আৰু মন্ত্ৰী প্ৰধানে এক্স হেণ্ডেলত অভিনন্দন বাৰ্তা প্ৰেৰণ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে, বিশেষকৈ সকলো কঠোৰ পৰিশ্ৰমী শিক্ষকলৈ। মগজুক লালন-পালন কৰাৰ বাবে শিক্ষকসকলৰ সমৰ্পণেই হৈছে এক শক্তিশালী আৰু উজ্জ্বল ভৱিষ্যতৰ ভেটি। তেওঁলোকৰ দায়বদ্ধতা আৰু মমতা লক্ষণীয়। লগতে এজন বিশিষ্ট পণ্ডিত তথা শিক্ষক ড° এছ ৰাধাকৃষ্ণনৰ জন্ম জয়ন্তীত তেওঁৰ জীৱন আৰু চিন্তাৰ কথাও আমি মনত পেলাইছো।
প্ৰধানে এক্সত লিখিছে, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিশিষ্ট শিক্ষাবিদ ‘ভাৰত ৰত্ন’ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণন জী ডাঙৰীয়াৰ জন্ম বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সমাজখনক দিশ নিৰ্দেশনা দিয়া, জীৱনক মূল্য দিয়া আৰু অজ্ঞানতা দূৰ কৰি জ্ঞানৰ দীপ জ্বলোৱা সকলো শিক্ষককে ‘শিক্ষক দিৱস’ত আন্তৰিক শুভেচ্ছা জনাইছো।
তেওঁ কয় যে শিক্ষকসকল কেৱল পাঠদানতে সীমাবদ্ধ নহয়, কিন্তু তেওঁলোকে আমাক চিন্তাৰ দৃষ্টিভংগী, জীয়াই থকাৰ কলা আৰু জাতিৰ প্ৰতি দায়িত্ববোধ শিকায়। ‘শিক্ষক দিৱস’ উপলক্ষে আহক আমি আমাৰ শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰোঁ আৰু তেওঁলোকৰ আদৰ্শক জীৱনত আত্মসাৎ কৰাৰ প্ৰতিশ্ৰুতি দিওঁ। ইয়াৰ পূর্বে প্রধানে প্রধানমন্ত্রী মোদীৰ সৈতে ৰাষ্ট্রীয় বঁটা লাভ কৰা শিক্ষকসকলৰ এখন ফটো তেওঁৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছিল৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে সৈতে গভীৰ আৰু প্ৰেৰণাদায়ক বাৰ্তালাপ কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰী মোডীক পথ প্ৰদৰ্শন আৰু উৎসাহ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
