ইম্ফল, ০৫ ছেপ্টেম্বৰ (হি.স.)। মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যৌথ অভিযান চলাই যথেষ্ট সফলতা লাভ কৰিছে। যোৱা ২৪ ঘণ্টাত চলোৱা অভিযানত বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী, বিস্ফোৰক আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে বহু উগ্ৰপন্থী কেডাৰ আৰু সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে।
ইম্ফল পূৱ জিলাৰ হেঙাং অঞ্চলৰ পৰা আৰক্ষীয়ে এটা এ কে ৫৬ ৰাইফল, এটা এম-১৬ ৰাইফল, তিনিটা হেণ্ড গ্ৰেনেড, পাঁচটা টিউব লঞ্চাৰ, দুখন প্লেটযুক্ত এটা বুলেটপ্ৰুফ জেকেট, এটা আৰ পি জি শ্বেল আৰু বিভিন্ন কেলিবাৰৰ গুলী উদ্ধাৰ কৰে।
বিষ্ণুপুৰ জিলাৰ ফ’গকাচাও ইউনিট আৰু কলবুং গাঁৱৰ পৰা এটা ইনছাছ ৰাইফল, এটা ডাবল বেৰেল গান, দুটা চিংগল বেৰেল গান, এটা দেশত নিৰ্মিত পিষ্টল, লাইভ কাৰ্টিজ, জেলেটিন ষ্টিক, ডিটনেটৰ আৰু কৰ্ডেক্স তাঁৰ জব্দ কৰে।
ইম্ফল পূৱ জিলাত আৰ পি এফ/পি এল এৰ সক্ৰিয় কেডাৰ কনজেংবাম অজিত সিং ওৰফে সুৰেশ (৫৪)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা আধাৰ কাৰ্ড আৰু নগদ ধন উদ্ধাৰ কৰা হয়।
ইয়াৰ উপৰিও ইম্ফল পশ্চিমৰ পৰা কেচিপি (পিডব্লিউজি)ৰ সৈতে জড়িত কংব্ৰিলাটপাম হেমাবাতি দেৱী ওৰফে খোমাই (৫৭)ক গ্ৰেপ্তাৰ কৰা হয়। ধন দাবী আৰু অবৈধ আদায়ৰ লগত জড়িত আছিল ধৃতগৰাকী। তেওঁৰ পৰা উদ্ধাৰ হৈছে এখন স্কুটি, দুটা মোবাইল আৰু আধাৰ কাৰ্ড।
সেনাপতি জিলাৰ তাডুবি চেকপোষ্টত নিৰাপত্তা বাহিনীয়ে ৫ জন লোকক আটক কৰি তেওঁলোকৰ পৰা ২.০৫৭ কেজি ব্ৰাউন চুগাৰ, দুখন বাহন আৰু ৮টা মোবাইল ফোন জব্দ কৰে। অধিক তদন্তৰ ফলত কাংপকপিৰ বাসিন্দা কিমনেলাম হাউকিপক চোৰাং ব্যৱসায়ৰ সৈতে জড়িত বুলি ধৰা পৰে।
চুৰাচান্দপুৰ জিলাৰ লামজুং অঞ্চলৰ পৰা চাৰিজন লোকক আটক কৰা হৈছে। ১২২টা চাবোনৰ বাকচত ভৰাই থোৱা ১.৫ কেজি ব্ৰাউন চুগাৰ, এখন অল্ট’ গাড়ী, এখন দুচকীয়া বাহন আৰু ৫টা মোবাইল ফোন উদ্ধাৰ কৰে।
বিষয়াসকলে কয় যে এই সমন্বিত অভিযানে ৰাজ্যখনৰ অবৈধ অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ অবৈধ চলাচলত এক বৃহৎ আঘাত হানিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
