কাবুল/মাজাৰ দাৰা, ০৫ ছেপ্টেম্বৰ (হি.স.)। আফগানিস্তানৰ দক্ষিণ-পূব অংশত বৃহস্পতিবাৰে ৬.২ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। এই ভূঁইকঁপৰ জোকাৰণি দেওবাৰ অনুভূত হোৱা বৃহৎ ভূমিকম্পত ২২০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱা সেই একেটা অঞ্চলতে অনুভূত হৈছে। জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছৰ তথ্য অনুসৰি ভূমিকম্পৰ গভীৰতা আছিল ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত।
ইয়াৰ পূৰ্বে দেওবাৰে ৬ প্ৰাবল্যৰ ভূমিকম্প আৰু মঙলবাৰে ৫.৫ প্ৰাবল্যৰ ভূমিকম্পই কুনাৰ আৰু নঙাৰহৰ প্ৰদেশৰ গাঁওসমূহ সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলায়। এই পৰ্যন্ত ২২০৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৬৪০ জনতকৈ অধিক লোক আহত হোৱা বুলি নিশ্চিত কৰা হৈছে। সম্পূৰ্ণ ভাঙি পৰিছে ৬৭০০ৰো অধিক ঘৰ। ধ্বংসাৱশেষৰ তলত আৱদ্ধ লোকৰ বাবে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি সাহায্য সংস্থাই জনাইছে।
খাদ্য, ঔষধ আৰু বাসস্থানৰ ব্যাপক নাটনি হোৱা বুলি ৰাষ্ট্ৰসংঘৰ লগতে অন্যান্য সংস্থাসমূহে সকীয়াই দিছে। ৰেড ক্ৰছে জনোৱা মতে, এতিয়ালৈকে প্ৰায় ৮৪ হাজাৰ লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে। ইছলামিক ৰিলিফ ৱৰ্ল্ডৱাইডৰ এক প্ৰতিবেদন অনুসৰি কুনাৰ প্ৰদেশৰ কিছুমান গাঁৱত প্ৰতি তিনিজনৰ ভিতৰত দুজন লোকৰ মৃত্যু হৈছে নহয় আহত হোৱাৰ বিপৰীতে ৯৮ শতাংশ অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে।
ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলে এতিয়াও ধ্বংসাৱশেষ আঁতৰাই নিজৰ আত্মীয়ক বিচাৰিছে। স্থানীয় লোকে হাতেৰে নিৰ্মিত ষ্ট্ৰেচাৰত মৃতদেহ কঢ়িয়াই অনা দেখা গৈছে। বহু ঠাইত সঘনাই ভূঁইকঁপৰ জোকাৰণি হোৱাৰ ভয়ত ঘৰলৈ উভতি যাব নোখোজাৰ বাবেই মুকলি আকাশৰ তলত বাস কৰি আছে।
বিশ্ব স্বাস্থ্য সংস্থাই ০৩ মিলিয়ন ডলাৰৰ পুঁজিৰ অভাৱৰ কথা উল্লেখ কৰিছে, যাৰ ফলত ঔষধ আৰু অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীৰ যোগানত প্ৰভাৱ পৰিছে। ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ তেওঁলোকৰ হাতত মাত্ৰ চাৰি সপ্তাহৰ ষ্টক আৰু ধন বাকী আছে বুলি প্ৰকাশ কৰিছে বিশ্ব খাদ্য কাৰ্যসূচীয়ে।
নৰৱেৰ শৰণাৰ্থী পৰিষদে কেৱল জৰুৰীকালীন সাহায্যৰ বাবেই নহয়, আফগান জনসাধাৰণৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবেও আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
