
নগাঁও, ০৫ ছেপ্টেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰীত যোৱা কালি বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায়। আৰক্ষীৰ এই অভিযান ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ আটক কৰা হয় সৰবৰাহকাৰী।
আটকাধিন ড্ৰাগছ সৰবৰাহকাৰীটো পশ্চিম শিঙিমাৰীৰ গুলজাৰ হুছেইন বুলি পৰিচয় পোৱা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী গুলজাৰ হুছেইনৰ পৰা ১১.৬৮ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। সম্প্রতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
