অভিনেতা ৰণবীৰ কাপুৰৰ অনুৰাগীৰ শেষ নাই। তেওঁৰ উৎকৃষ্ট অভিনয় দৰ্শকে ভাল পোৱাৰ বিপৰীতে সমালোচকেও সদায় শলাগ লয়। ৰণবীৰৰ অনুশাসন আৰু ধৈৰ্য্যৰো অত্যন্ত প্ৰশংসা কৰে সকলোৱে। শেহতীয়াকৈ প্ৰযোজক বনী কাপুৰে ৰণবীৰৰ ধৈৰ্য্যৰ সৈতে জড়িত এটা ঘটনা শ্বেয়াৰ কৰিছিল। তেওঁ কয় যে শ্বুটিং যিমানেই দীঘলীয়া নহওক কিয়, দুপৰীয়াৰ গৰম হওক বা ৰাতিৰ সময় হওক আৰু যিমানেই ৰিটেক কৰিবলগীয়া নহওক কিয়, ৰণবীৰে কেতিয়াও পিছুৱাই নাযায় আৰু সম্পূৰ্ণ ধৈৰ্য্যৰে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰে।
ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ছবি ‘তু ঝুঠি মই মক্কাৰ’ ২০২৩ চনত মুক্তি লাভ কৰিছিল, য’ত বনী কাপুৰে ৰণবীৰৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বনী কাপুৰে ৰণবীৰৰ পেছাদাৰীতাক প্ৰশংসা কৰি কয়, ৰনবীৰ একমাত্ৰ অভিনেতা, যাক মই কেতিয়াও চেটত বিৰক্ত হোৱা দেখা নাই। আগতে আমি ১৬-১৬ ঘণ্টা ধৰি অবিৰতভাৱে শ্বুটিং কৰিছিলো। দিল্লীৰ উৎকট গৰমত শ্বুটিং হৈছিল। পিছত আমি ৰাতি শ্বুটিং কৰাৰ সিদ্ধান্ত লৈ ৰাতি ৯ বজাৰ পৰা পুৱা ৬ বজালৈ কাম কৰিছিলো, যাতে গৰম কম হয়। ইয়াৰ পিছতো ৰণবীৰে কেতিয়াও অভিযোগ কৰা নাছিল তেওঁ সকলো সময়তে পেছাদাৰীভাৱে কাম কৰিছিল।
বনী কাপুৰে কয়, মোৰ মনত আছে, এটা দৃশ্যত ৫২টা ৰিটেক হৈছিল। বিভিন্ন কাৰণত বাৰে বাৰে ৰিটেক ল’বলগীয়া হৈছিল। কিন্তু ৰণবীৰে এবাৰো অভিযোগ কৰা নাছিল। তেওঁ প্ৰতিবাৰেই সম্পূৰ্ণ ধৈৰ্য্য আৰু সন্মানেৰে ৰিটেক দি থাকিল। একে সময়তে যেতিয়া মোৰ এটা শ্বটত ১৩-১৪টা ৰিটেক কৰা হৈছিল, তেতিয়া মই অলপ বিচলিত হৈছিলো। তাৰ পিছত ৰণবীৰ মোৰ ওচৰলৈ আহিছিল আৰু। ক’লে, মই ৫২টা ৰিটেক দিছো, পৰিচালক সন্তুষ্ট নোহোৱালৈকে কৰিব লাগিব। তেওঁৰ ধৈৰ্য্য আৰু ইতিবাচক মনোভাৱ সকলো প্ৰশংসাৰ যোগ্য। ৰণবীৰে চেটত সদায় উল্লাসিত আৰু সকলোকে উৎসাহিত কৰে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
