নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি স)। বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এফ আই আই)ৰ দ্বাৰা শ্বেয়াৰ বজাৰত ধাৰাবাহিকভাৱে বিক্ৰী হোৱা আৰু ডলাৰ শক্তিশালী হোৱাৰ পিছত আজি পুনৰবাৰ হেঁচাত পৰিল ভাৰতীয় মুদ্ৰা। ডলাৰৰ মজবুতৰ বাবে মুদ্ৰা বজাৰত সৃষ্টি হোৱা নেতিবাচক পৰিৱেশৰ বাবে একেৰাহে তিনিদিন ধৰি শক্তিশালী হোৱাৰ পাছত আজি ডলাৰৰ বিপৰীতে দুৰ্বলতাৰে বন্ধ হয় টকা।
ভাৰতীয় মুদ্ৰা আজি ডলাৰৰ বিপৰীতে ৮ পইচা হ্ৰাস পাই ৮৮.১৬ (অস্থায়ী) স্তৰত বন্ধ হয়। ইয়াৰ পূৰ্বে বুধবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৮.০৮ টকাৰ স্তৰত বন্ধ হয়। সামান্য শক্তিৰে আজি টকাৰ ব্যৱসায় আৰম্ভ হয়। আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত আজি পুৱা ডলাৰৰ বিপৰীতে ১ পইচা বৃদ্ধিৰে ভাৰতীয় মুদ্ৰাৰ ব্যৱসায় আৰম্ভ হয় ৮৮.০৭ টকাৰ স্তৰত।
আজিৰ ব্যৱসায় আৰম্ভ হোৱাৰ পাছত টকাৰ মূল্য ৯ পইচা শক্তিশালী হৈ ৮৭.৯৯ৰ স্তৰত উপনীত হয় যদিও ইয়াৰ পাছত বজাৰত নেতিবাচক পৰিবেশৰ পৰিপ্ৰেক্ষিতত উচ্চ স্তৰৰ পৰা ২০ পইচা পিছলি ১১ পইচা দুৰ্বলতাৰে ৮৮.১৯ত উপনীত হয়। গোটেই দিনটোৰ ব্যৱসায়ৰ অন্তত ডলাৰৰ বিপৰীতে ৮ পইচা হ্ৰাস পাই আজিৰ মূল্য ৮৮.১৬ত সমাপ্ত হয়।
আজিৰ মুদ্ৰা বজাৰৰ ব্যৱসায়ত ডলাৰৰ লগতে ব্ৰিটিছ পাউণ্ড (জিবিপি)ৰ বিপৰীতে টকাৰ প্ৰদৰ্শন দুৰ্বল। আনহাতে, ইউৰোৰ বিপৰীতে সামান্য শক্তিৰে টকা বন্ধ হয়। আজিৰ ব্যৱসায়ৰ অন্তত ব্ৰিটিছ পাউণ্ড (জিবিপি)ৰ বিপৰীতে ৪০ পইচা দুৰ্বলতাৰে ১১৮.৪৮ (অস্থায়ী) টকাত বন্ধ হয়। আনহাতে, ইউৰোৰ বিপৰীতে ৩.০৬ পইচা সামান্য বৃদ্ধিৰে আজি টকাৰ মূল্য ১০২.৬৪ (অস্থায়ী)ত উপনীত হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ
