ৱাশ্বিংটন (আমেৰিকা), ০৪ ছেপ্টেম্বৰ (হি.স.)। ৱাশ্বিংটন ৰাজ্যৰ সৰ্ববৃহৎ চহৰ ছিয়াটলত ১৩ বছৰ ধৰি অত্যধিক বল প্ৰয়োগ আৰু বৰ্ণবাদী পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হোৱাৰ পিছত বুধবাৰে আমেৰিকাৰ জিলা ন্যায়াধীশ জেমছ ৰবাৰ্টে ফেডাৰেল আৰক্ষীৰ নিৰীক্ষণৰ অন্ত পেলায়। আমেৰিকাৰ ন্যায় বিভাগে স্বীকাৰ কৰিছিল যে অত্যধিক বল প্ৰয়োগে সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। তেতিয়াৰ বাইডেন প্ৰশাসনে প্ৰথমে ২০২৩ চনত ফেডাৰেল নিৰীক্ষণ বন্ধ কৰাৰ প্ৰস্তাৱ দিছিল। কিছুমান বাকী থকা সমস্যাৰ বাবে এই প্ৰক্ৰিয়াটো পলম হৈছিল।
দ্য নিউয়ৰ্ক টাইমছৰ মতে, ছিয়াটল আৰক্ষী বিভাগে বল প্ৰয়োগৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ কৰিছে। বডি কেমেৰা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। বিষয়াসকলক জবাবদিহি কৰিবলৈ নিজৰ প্ৰট’কল সলনি কৰিলে আৰু ভিৰ ব্যৱস্থাপনা কৌশল পৰ্যালোচনা কৰিলে। ন্যায়াধীশ জেমছ ৰবাৰ্টে কয় যে চহৰখনে নিজৰ বাধ্যবাধকতা মানি চলিছে আৰু সন্মতিৰ আদেশ (যিটো আদালতৰ অনুমোদিত চুক্তি আছিল) প্ৰত্যাহাৰ কৰা হৈছে।
বুধবাৰে আদালতত দিয়া লিখিত বিবৃতিত মেয়ৰ ব্ৰুচ হেৰেলে কয় যে, এই বিভাগটো ২০১২ চনৰ তুলনাত বেলেগ বিভাগ। আমি নিৰন্তৰ উন্নতিৰ বাবে চেষ্টা কৰি আছো। কোৱা হৈছে যে এই সিদ্ধান্ত এনে এটা সময়ত লোৱা হৈছে যেতিয়া ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পৰ অধীনত ফেডাৰেল ন্যায় বিভাগে ছিয়াটলৰ দৰে কেইবাটাও আৰক্ষী বিভাগত হস্তক্ষেপ প্ৰত্যাহাৰ কৰিছে আৰু সমগ্ৰ দেশতে নাগৰিক অধিকাৰৰ তদন্ত বাকী থকা অৱস্থাত বন্ধ কৰি দিছে।
বুধবাৰে ছিয়াটল কমিউনিটি পুলিচ কমিছনে কয় যে বিভাগটোক পুনৰ গঠন কৰাত ফেডাৰেল তত্বাৱধানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ছিয়াটল আৰক্ষীয়ে এতিয়াও অধিক কাম কৰিবলগীয়া আছে আটাইতকৈ ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহৰ সৈতে আস্থা ঘূৰাই অনাৰ বাবে। ট্ৰাম্প প্ৰশাসনৰ অধীনত ন্যায় বিভাগৰ নাগৰিক অধিকাৰ বিভাগৰ মুৰব্বী হাৰমীত কে ডিলনে এক বিবৃতিত কয় যে, “ফেডাৰেল তদাৰকী শেষ হোৱাৰ পিছত আৰু আদালতে স্থানীয় আইন প্ৰয়োগকাৰী সংস্থাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ চহৰখনৰ হাতত অৰ্পণ কৰাৰ পিছত আমি ছিয়াটল আৰক্ষী বিভাগৰ সকলো কৰ্মচাৰীৰ সৈতে থিয় দি গৌৰৱান্বিত।”
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
