
হোজাই, ০২ ছেপ্টেম্বৰ (হি.স.): আজি হোজাইত উপস্থিত হ্ৰব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। কেইবাটাও কাৰ্যসূচী লৈ হোজাইত উপস্থিত হ্ৰব মুখ্যমন্ত্ৰী গৰাকী।
হোজাইত উপস্থিত হৈ মহিলা উদ্যামিতা আঁচনিৰ চেক বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী সময়ত ডবকাত মন্দিৰৰ শুভ উদ্বোধন কৰাৰ পিছত হোজাই সাগৰ বস্তিস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নৱনির্মিত ভৱনৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।মুখ্যমন্ত্ৰীৰ আগমনক লৈ জিলা প্ৰশাসন তথা জিলা বিজেপিৰ প্ৰস্তুতি তুংগত উঠিছে আৰু মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু হৈ পৰিছে হোজাই জিলা বিজেপি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
