নতুন দিল্লী, ০১ ছেপ্টেম্বৰ (হি.স.)। অহা মাহত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে দেওবাৰে ভাৰতীয় এথলেটিকছ ফেডাৰেচনে ভাৰতৰ ১৯ জনীয়া চূড়ান্ত দলৰ কথা ঘোষণা কৰে। এই দলটোত ১৪ জন পুৰুষ আৰু ৫ গৰাকী মহিলা খেলুৱৈ আছে, যিয়ে ১৫ টা ভিন্ন ইভেণ্টত অংশগ্ৰহণ কৰিব।
ভাৰতৰ আটাইতকৈ বৃহৎ পদক আশা পুনৰবাৰ আশা সজীৱ হ’ব জেভেলিন থ্ৰ’ বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাৰ জৰিয়তে, যিয়ে ডিফেণ্ডিং চেম্পিয়ন হিচাপে ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ জৰিয়তে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিছে। তেওঁৰ উপৰিও আৰু তিনিজন ভাৰতীয় জেভেলিন নিক্ষেপকাৰী- শচীন যাদৱ, যশবীৰ সিং আৰু ৰোহিত যাদৱেও খেলপথাৰত প্ৰৱেশ কৰিব।
এণ্ট্ৰি ষ্টেণ্ডাৰ্ড অতিক্ৰম কৰি পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিছে তিনিগৰাকী খেলুৱৈ—গুলবীৰ সিং (৫০০০ মিটাৰ), প্ৰবীণ চিত্ৰভাল (ট্ৰিপল জাম্প) আৰু পাৰুল চৌধুৰী (৩০০০ মিটাৰ ষ্টীপলচেজ)। গুলভিৰে ১০ হাজাৰ মিটাৰ দৌৰতো অংশগ্ৰহণ কৰাৰ বিপৰীতে মধ্য দূৰত্বৰ দৌৰবিদ পূজাই ৮০০ মিটাৰ আৰু ১৫০০ মিটাৰ দুয়োটা ইভেণ্টতে প্ৰত্যাহ্বান জনাব।
অৱশ্যে অবিনাশ ছেবল, নন্দিনী আগৰসাৰা আৰু অক্ষদীপ সিঙে যোগ্যতা অৰ্জন কৰিছিল যদিও চিকিৎসাজনিত কাৰণত দলত স্থান নাপালে।
এ এফ আইৰ মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণন নাইৰে কয় যে ৪ ছেপ্টেম্বৰৰ পৰা ৯ ছেপ্টেম্বৰলৈ টকিঅ’ত প্ৰতিযোগিতাৰ পূৰ্বে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ’ব। ১০ ছেপ্টেম্বৰত সকলো খেলুৱৈয়ে অফিচিয়েল হোটেললৈ স্থানান্তৰিত হ’ব। অহা ৫ ছেপ্টেম্বৰত চেক গণৰাজ্যৰ পৰা পোনপটীয়াকৈ দলত যোগদান কৰিব নীৰজ চোপ্ৰাই।
অহা ১৩ৰ পৰা ২১ ছেপ্টেম্বৰলৈ টকিঅ’ত অনুষ্ঠিত হ’ব বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ।
ভাৰতীয় দল (বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫)
পুৰুষ:
১.নীৰাজ চোপ্ৰা – জেভেলিন থ্ৰ’ (ৱাইল্ড কাৰ্ড)
২) গুলৱীৰ সিং – ৫০০০ মিটাৰ (এণ্ট্ৰি ষ্টেণ্ডাৰ্ড)
৩/ প্ৰবীণ চিত্ৰভেল – ট্ৰিপল জাম্প (এণ্ট্ৰি ষ্টেণ্ডাৰ্ড)
৪) আব্দুল্লাহ আবুবকাৰ – ট্ৰিপল জাম্প (ৰেংকিং ৩১/৩৬)
৫) সৰ্বেশ কুশাৰে – হাই জাম্প (ৰেংকিং ৩৪/৩৬)
৬) অনিমেশ কুজুৰ – ২০০ মিটাৰ (ৰেংকিং ৪২/৪৮)
৭) শচীন যাদৱ – জেভেলিন থ্ৰ’ (ৰেংকিং ২০/৩৬)
৮) যশবীৰ সিং – জেভেলিন থ্ৰ’ (ৰেংকিং ৩০/৩৬)
৯) মুৰালী শ্ৰীশংকৰ – লং জাম্প (ৰেংকিং ৩৬/৩৬)
১০) চাৰ্ভিন চেবাষ্টিয়ান – ২০ কিলোমিটাৰ ৰেচ ৱাক (ৰেংকিং ৩৪/৫০)
১১) ৰাম বাবু – ৩৫ কিলোমিটাৰ ৰেচ ৱাক (ৰেংকিং ৫০/৫০)
১২) গুলৱীৰ সিং – ১০,০০০ মিটাৰ (আমন্ত্ৰণ)
১৩) সন্দীপ – ৩৫ কিলোমিটাৰ ৰেচ ৱাক (আমন্ত্ৰণ)
১৪) ৰোহিত যাদৱ – জেভেলিন থ্ৰ’ (আমন্ত্ৰণ)
১৫) তেজস শ্বিৰ্চ – ১১০ মিটাৰ হাৰ্ডলছ (আমন্ত্ৰণ)
মহিলা:
১.পাৰুল চৌধুৰী – ৩০০০ মিটাৰ ষ্টীপলচেজ (এণ্ট্ৰি ষ্টেণ্ডাৰ্ড)
২.অন্নু ৰাণী – জেভেলিন থ্ৰ’ (ৰেংকিং ২২/৩৬)
৩/ প্ৰিয়ংকা গোস্বামী – ৩৫ কিলোমিটাৰ ৰেচ ৱাক (ৰেংকিং ৩৩/৫০)
৪) অংকিতা – ৩০০০ মিটাৰ ষ্টীপলচেজ (ৰেংকিং ৩৫/৩৬)
৫) পূজা – ১৫০০ মিটাৰ (ৰেংকিং ৪৯/৫৬)
৬) পূজা – ৮০০ মিটাৰ (আমন্ত্ৰণ)
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
