কাঠমাণ্ডু, ৩১ আগষ্ট (হি.স.)। নেপালৰ ভূখণ্ড লিপুলেখৰ মাজেৰে বাণিজ্য মুকলি কৰাৰ ভাৰত-চীন চুক্তিক লৈ চীনৰ বৈদেশিক মন্ত্ৰালয় মৌন।
শনিবাৰে টিয়ানজিনত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠক সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত এই বিষয়ত একো উল্লেখ নাই।
চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে নেপালৰ প্ৰধানমন্ত্ৰী অলিয়ে কৈছিল যে ১৮১৬ চনৰ ছুগাউলি সন্ধি অনুসৰি মহাকালি নদীৰ পূব দিশৰ সকলো ভূমি সাৰ্বভৌম নেপালৰ অন্তৰ্গত, আৰু আস্থা প্ৰকাশ কৰে যে এই বিষয়ত চীনে নেপালক সমৰ্থন কৰিব।
নেপাল পক্ষই এইটোও দাবী কৰিছিল যে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চীনৰ ৰাষ্ট্ৰপতি ছিয়ে কয় যে চীনে নেপাল আৰু ভাৰতৰ সীমা বিবাদৰ পক্ষ হ’ব নিবিচাৰে, কিন্তু চীনৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিত এই কথা উল্লেখ কৰা হোৱা নাই।
বৰঞ্চ চীনৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে নেপালে এক চীন নীতিৰ প্ৰতি দায়বদ্ধ, টাইৱানৰ স্বাধীনতাৰ দৃঢ় বিৰোধিতা কৰে আৰু চীনে আগবঢ়োৱা বৈশ্বিক নিৰাপত্তা পদক্ষেপ বা গ্ল’বেল ছিকিউৰিটি ইনিচিয়েটিভ (জিএছআই)ক সমৰ্থন কৰে।
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে নেপাল এক চীন নীতিৰ প্ৰতি দায়বদ্ধ, “টাইৱানৰ স্বাধীনতা”ৰ দৃঢ় বিৰোধিতা কৰে আৰু কোনো শক্তিকে চীনৰ স্বাৰ্থক ক্ষতিগ্ৰস্ত কৰিবলৈ নিজৰ ভূখণ্ড ব্যৱহাৰ কৰিবলৈ নিদিয়ে।
চীনৰ বিবৃতিটোত কোৱা হৈছে যে নেপাল বহনক্ষম উন্নয়ন সাধনৰ বাবে দেশখন প্ৰতিশ্ৰুতিবদ্ধ আৰু বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ প্ৰেক্ষাপটত চীনৰ সৈতে সহযোগিতা গভীৰ কৰাৰ আশা কৰিছে। বিবৃতিটোত কোৱা হৈছে যে আমি চীনৰ সৈতে বাণিজ্য, বিনিয়োগ, কৃষি, বিজ্ঞান আৰু প্ৰযুক্তি, পৰ্যটন, জলবায়ু সঁহাৰি আৰু অন্যান্য ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰি অধিক ইতিবাচক ফলাফল প্ৰদান কৰিম।
বিবৃতিটোত আৰু কোৱা হৈছে যে, নেপালে চীনে প্ৰস্তাৱ কৰা বিশ্ব উন্নয়নৰ পদক্ষেপ, বৈশ্বিক নিৰাপত্তাৰ পদক্ষেপ আৰু বিশ্ব সভ্যতাৰ পদক্ষেপক সমৰ্থন কৰে, চাংহাই সহযোগিতা সংস্থাৰ ভূমিকাক গুৰুত্ব দিয়ে, চাংহাই আত্মাক সক্ৰিয়ভাৱে ৰক্ষা কৰে, আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত চীনে আৰু অধিক বৃহৎ ভূমিকা পালন কৰিব বুলি আশা কৰে।
এই সমগ্ৰ বক্তব্যত ক’তো লিপুলেখৰ উল্লেখ নাই। নতুবা প্ৰধানমন্ত্ৰী অলিয়ে ভাৰত আৰু চীনৰ মাজত হোৱা চুক্তি সন্দৰ্ভত একো কোৱা নাই। এই সন্দৰ্ভত চীনে মৌনতা অৱলম্বন কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিৰ লিংক https://www.fmprc.gov.cn/eng/xw/zyxw/202508/t20250830_11698944.html?s=09
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
