• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ০১ ছেপ্টেম্বৰ : এল আই চি প্ৰতিষ্ঠা আৰু ভাৰতীয় মানক সময় গ্ৰহণ
National

ইতিহাসৰ পৃষ্ঠাত ০১ ছেপ্টেম্বৰ : এল আই চি প্ৰতিষ্ঠা আৰু ভাৰতীয় মানক সময় গ্ৰহণ

CliQ INDIA
Last updated: August 31, 2025 11:26 am
CliQ INDIA
Share
6 Min Read
SHARE

০১ ছেপ্টেম্বৰ দিনটো ইতিহাসৰ পৃষ্ঠাত অতি গুৰুত্বপূৰ্ণ দিন বুলি গণ্য কৰা হয়। আজিৰ দিনটোতে দুটা বৃহৎ পৰিঘটনা সংঘটিত হয়, যাৰ ফলত দেশৰ অৰ্থনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাত গভীৰ প্ৰভাৱ পৰে। আজিৰ দিনটোতে ভাৰতীয় জীৱন বীমা নিগম (এলআইচি) প্ৰতিষ্ঠা কৰা হৈছিল আৰু ভাৰতীয় মানক সময় (আইএছটি) গ্ৰহণ কৰা হয়।

১৯৪৭ চনৰ ০১ ছেপ্টেম্বৰত দেশখনে আনুষ্ঠানিকভাৱে ভাৰতীয় মানক সময় (আইএছটি) গ্ৰহণ কৰে। আগতে বিভিন্ন প্ৰদেশ আৰু চহৰত বিভিন্ন সময় ব্যৱস্থা বলবৎ হৈছিল, যাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। ভাৰতৰ মানক সময় এলাহাবাদৰ ওচৰৰ ৮২.৫ ° পূব দ্ৰাঘিমাংশৰ ওপৰত ভিত্তি কৰি গ্ৰীণউইচ গড় সময় (জিএমটি)তকৈ সাড়ে পাঁচ ঘণ্টা আগতে নিৰ্ধাৰণ কৰা হৈছিল।

১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় জীৱন বীমা নিগম (এলআইচি) প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল জীৱন বীমা খণ্ডক সংগঠিত কৰি জনসাধাৰণক এক সুৰক্ষিত বিত্তীয় ব্যৱস্থা প্ৰদান কৰা। সেই সময়ত চৰকাৰে প্ৰায় ২৪৫ টা ব্যক্তিগত বীমা কোম্পানী একত্ৰিত কৰি এল আই চি গঠন কৰিছিল। আজি এল আই চি দেশৰ সৰ্ববৃহৎ জীৱন বীমা কোম্পানী, যিয়ে কোটি কোটি পলিচিধাৰীক সেৱা আগবঢ়াই আছে।

অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা:

১৮০৪ – জাৰ্মান জ্যোতিৰ্বিজ্ঞানী কাৰ্ল লুডৱিগ হাৰ্ডিঙে জুনো গ্ৰহাণু আৱিষ্কাৰ কৰে।

১৯৩৯ – জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰি দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ কৰে।

১৯৪৭ – ভাৰতীয় মানক সময় (আইএছটি) গ্ৰহণ কৰা হয়।

১৯৫৬ – ভাৰতীয় জীৱন বীমা নিগম (এলআইচি) প্ৰতিষ্ঠা কৰা হয়।

১৯৫৬- ৰাজ্যৰ পুনৰ্গঠনৰ পাছত ত্ৰিপুৰা কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হয়।

১৯৬২ – মহাৰাষ্ট্ৰৰ কলহাপুৰত শিৱাজী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়।

১৯৬৪ – ভাৰতীয় তেল শোধনাগাৰ আৰু ইণ্ডিয়ান অইল কোম্পানী একত্ৰিত কৰি ভাৰতীয় তেল নিগম গঠন কৰা হয়।

১৯৬৯ – মুয়াম্মাৰ গাদ্দাফি লিবিয়াৰ শাসক হয়।

১৯৮৫ – আৰ এম এছ টাইটানিকৰ ধ্বংসাৱশেষ আৱিষ্কাৰ হয়।

১৯৯৪ – আইৰিছ ৰিপাব্লিকান আৰ্মীয়ে উত্তৰ আয়াৰলেণ্ডত যুদ্ধবিৰতি ঘোষণা কৰে।

১৯৯৭ – লেখিকা মহাস্বেতা দেৱী আৰু পৰিৱেশবিদ এম.চি. মেহতাক ১৯৯৭ চনত ৰেমন মেগছেছে বঁটাৰে সন্মানিত কৰা হয়।

১৯৯৮ – ভিক্টৰ চেৰনোমিৰ্ডিনক পুনৰ ৰাছিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

১৯৯৮ – ভিক্টৰ চেৰনোমিৰ্ডিনক পুনৰ ৰাছিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

২০০০ – চীনে তিব্বত হৈ নেপাললৈ যোৱা একমাত্ৰ পথ বন্ধ কৰে।

২০০৩ – লিবিয়া আৰু ফ্ৰান্সে ১৯৮৯ চনত ইউটিএ বিমানত বোমা বিস্ফোৰণত নিহত লোকসকলৰ ওচৰৰ আত্মীয়ক ক্ষতিপূৰণ দিয়াৰ চুক্তিত উপনীত হয়।

২০০৪ – পাকিস্তানৰ মানৱ অধিকাৰ বিশেষজ্ঞ মেহেৰ খান উইলিয়ামছক ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে উপ-উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়ে।

২০০৫ – ছাদ্দাম হুছেইনে আমেৰিকাৰ চৰ্তসাপেক্ষ মুক্তিৰ প্ৰস্তাৱ নাকচ কৰে।

২০০৬ – এগজিট পলৰ পিতৃ তথা টেলিফোন জৰীপৰ বাবে নমুনা সংগ্ৰহৰ পদ্ধতি বিকশিত কৰাৰ পথ প্ৰদৰ্শক ৱেডেন মিটফস্কিৰ নিউয়ৰ্কত মৃত্যু হয়।

২০০৭ – ফিজিৰ পদচ্যুত প্ৰধানমন্ত্ৰী লাইচেনিয়া কাৰাছে ৯ মাহৰ পাছত ৰাজধানী ছুভালৈ উভতি আহে।

২০০৮ – বিত্তমন্ত্ৰী পি চিদাম্বৰমে ডি চুববাৰাওক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২২ সংখ্যক গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে।

২০০৮ – ভাৰতীয় ইউনিয়ন বেংকে নিজৰ ল’গ’ সলনি কৰে।

২০০৯ – ভাইচ এডমিৰেল নিৰ্মল কুমাৰ ভাৰ্মাক ভাৰতীয় নৌসেনাৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। তেওঁ এডমিৰেল সুৰেশ মেহতাৰ ঠাইত।

২০০৯ – গুজৰাটত যশৱন্ত সিঙৰ গ্ৰন্থ নিষিদ্ধকৰণক লৈ উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰলৈ জাননী জাৰি কৰে।

২০০৯ – লেফটেনেণ্ট জেনেৰেল পি.চি. ভৰদ্বাজ সেনাবাহিনীৰ উপ মুৰব্বী হয়।

জন্ম:

১৮৮৬ – কে.পি. কেশৱ মেনন – মালাবাৰৰ বিশিষ্ট কংগ্ৰেছ নেতা তথা সমাজ সংস্কাৰক।

১৮৯৫ – চেম্বাই বৈদ্যনাথ ভাগৱত – ভাৰতীয় সংগীতজ্ঞ।

১৮৯৬ – ভক্তিবেদন্ত স্বামী প্ৰভুপাদ – বিখ্যাত গৌড়ীয় বৈষ্ণৱ গুৰু আৰু ধৰ্ম প্ৰচাৰক।

১৯০১ – লক্ষ্মী নাৰায়ণ উপাধ্যায় – সুপৰিচিত ভূগোলবিদ।

১৯০৮ – কে.এন. সিং – ভাৰতীয় চিনেমাৰ খলনায়ক অভিনেতা।

১৯০৯ – পিতৃ কামিল বুলকে – বিখ্যাত সাহিত্যিক।

১৯২১ – লালাই সিং যাদৱ – সমাজকৰ্মী।

১৯২১ – মাধৱ মন্ত্ৰী – ভাৰতীয় ক্ৰিকেটাৰ।

১৯২৩ – হাবিব তনবীৰ – বিখ্যাত চিত্ৰনাট্যকাৰ, নাট্য পৰিচালক, কবি আৰু অভিনেতা।

১৯২৬ – ৰাজস্থানী ভাষাৰ বিখ্যাত সাহিত্যিক বিজয়দন দেৱা।

১৯২৭ – ৰহি মাছুম ৰাজা – বহুমুখী ব্যক্তিত্বৰ বিখ্যাত সাহিত্যিক।

১৯৩০ – চাৰ্লছ ক’ৰেয়া – ভাৰতীয় স্থপতিবিদ আৰু নগৰ পৰিকল্পনাকাৰী।

১৯৩১ – শিৱাজীৰাও নীলাংগেকাৰ – ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।

১৯৩৩ – দুষ্যন্ত কুমাৰ – হিন্দী কবি আৰু গজল সাহিত্যিক।

১৯৪৭ – পি এ চাংমা – ভাৰতৰ অন্যতম ৰাজনীতিবিদ।

১৯৪৯ – ৰাধা মোহন সিং – ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰী।

১৯৫২ – ৰাজকুমাৰ ৰঞ্জন সিং – ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ।

১৯৫৯ – নন্দন বাল – ভাৰতীয় টেনিছ প্ৰশিক্ষক আৰু প্ৰাক্তন পেছাদাৰী খেলুৱৈ।

১৯৬৬ – সোণম ৱাংচুক – ভাৰতীয় অভিযন্তা আৰু শিক্ষা সংস্কাৰক।

১৯৭০ – পদ্ম লক্ষ্মী- ভাৰতীয় অভিনেত্ৰী।

১৯৭৩ – ভাৰতীয় অভিনেতা ৰাম কাপুৰ।

১৯৭৭ – ভাৰতীয় টেলিভিছন অভিনেতা আমিৰ আলী।

১৯৮২ – য়ামিনী ৰেড্ডী – ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী।

মৃত্যু :

১৫৭৪ – গুৰু অমৰদাস – শিখসকলৰ তৃতীয় গুৰু।

১৯৪২ – বৈকতা ৰেড্ডী নাইডু – এজন শিক্ষক, অধিবক্তা।

২০১৮ – তৰুণ সাগৰ – জৈন ধৰ্মৰ সন্ন্যাসী।

গুৰুত্বপূৰ্ণ দিন আৰু অনুষ্ঠান:

গোষ্ঠী নিৰপেক্ষ দিন

ৰাষ্ট্ৰীয় পুষ্টি দিৱস (সপ্তাহ)

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

দিল্লীৰ পৰা ইন্দোৰলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি, জৰুৰীকালীন অৱতৰণ
বিদেশ ভ্ৰমণৰ বাবে বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে বিজেপিৰ গুলীবৰ্ষণ
হজৰত ইমাম হুছেইনৰ বলিদানে আমাক সত্যৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে: প্ৰধানমন্ত্ৰী
ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ২৪ জন
জম্মু-কাশ্মীৰ বিধানসভাৰ ২৬খন আসনত ভোটদান আৰম্ভ | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আজিৰ পৰা চীনৰ টিয়ানজিনত এছ চি অ’ সন্মিলন, মোডীৰ জিনপিং আৰু পুটিনৰ সৈতে বৈঠকত সমগ্ৰ বিশ্বৰ চকু
Next Article কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীক সমালোচনা প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?