
গুৱাহাটী, ৩০ আগষ্ট (হি.স.)। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী যোৰাবাট আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। আলু আৰু পিয়াজৰ বস্তা কঢ়িয়াই নিয়া এএছ ১১ এফচি ৯৮৫৭ নম্বৰৰ ডিআই বাহনেৰে মেঘালয়ৰ পৰা মিজোৰামলৈ অবৈধ ভাৱে সৰবৰাহ কৰিছিল বিভিন্ন ব্ৰেণ্ডৰ ১০৫ কাৰ্টন বিলাতী সুৰা।
বস্তাৰ মাজত অতি কৌশলেৰে সৰবৰাহ কৰা বিলাতী সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ছয় লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে। যোৰাবাট আৰক্ষীয়ে সুৰা সৰবৰাহৰ সৈতে জড়িত বাহনখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰিছে। ধৃত লোকদুজন কাছাৰৰ জিয়াবুৰ ৰহমান (৩১) আৰু আমিৰ উদ্দিন লস্কৰ (২১) বুলি পৰিচয় পোৱা গৈছে। ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar
