ইছলামাবাগ, ২৯ আগষ্ট (হি.স.)। পাকিস্তান অধিকৃত (পিঅ’কে) গিলগিট-বাল্টিস্তানৰ ডায়েমাৰ জিলাত শুকুৰবাৰে অজ্ঞাত বন্দুকধাৰীয়ে যৌথ চেক প’ষ্টত আক্ৰমণ চলোৱাত দুজন জোৱান নিহত আৰু এজন আহত হয়। সকলো সৈনিক গিলগিট-বাল্টিস্তান (জি-বি) স্কাউটৰ। আহত জোৱানজনক প্ৰাথমিক চিকিৎসাৰ অন্তত চিলাছৰ আঞ্চলিক মুখ্য কাৰ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
দ্য এক্সপ্ৰেছ ট্ৰিবিউন কাকতৰ বাতৰি অনুসৰি ডায়েমাৰ জিলাৰ উপ আয়ুক্ত আট্টা-উৰ-ৰেহমান কাকৰে এই আক্ৰমণ নিশ্চিত কৰি কয় যে নিহত জোৱানকেইজন নাইব চুবেদাৰ খুছদাদ আৰু হাবিলদাৰ আশ্ৰফ বুলি চিনাক্ত কৰা হৈছে। তেওঁ কয় যে আহত লেন্স নাইক সাজিদৰ অৱস্থা সুস্থিৰ। তেওঁক চিলাছৰ আঞ্চলিক মুখ্য কাৰ্যালয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। উপ আয়ুক্তগৰাকীয়ে কয় যে আক্ৰমণৰ পিছত নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰিছে। আক্ৰমণকাৰীক দ্ৰুতগতিত অনুসন্ধান চলোৱা হৈছে।
জি বি চৰকাৰৰ মুখপাত্ৰ ফৈজুল্লাহ ফাৰুক এই আক্ৰমণক গৰিহণা দি ইয়াক “কাপুৰুষ আৰু ক্ষমা কৰিব নোৱাৰা সন্ত্ৰাসবাদৰ কাৰ্য্য” বুলি অভিহিত কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী হাজী গুলবৰ খানে আক্ৰমণকাৰীক চিকাৰৰ নিৰ্দেশ দিছে। জিবিৰ গৃহমন্ত্ৰী ছামছুল হক ল’নে কয় যে নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীক বিচাৰিছে৷
উল্লেখযোগ্য যে গিলগিট-বাল্টিস্তান স্কাউটছ হৈছে ফেডাৰেল অসামৰিক সশস্ত্ৰ বাহিনী। ৰাজ্যৰ নিৰাপত্তা বজাই ৰখাৰ দায়িত্ব ইয়াৰ। ইয়াৰ পূৰ্বে ইয়াক নৰ্দাৰ্ণ এৰিয়াছ স্কাউট বুলি জনা গৈছিল। ইযাক ২০০৩ চনৰ ৩১ অক্টোবৰত পাকিস্তানৰ পঞ্চম অসামৰিক সশস্ত্ৰ বাহিনী হিচাপে প্ৰতিষ্ঠা কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
