পাটনা, ২৯ আগষ্ট (হি.স.)। বিহাৰৰ ঐতিহাসিক ভূমি ৰাজগীৰত ২৯ আগষ্ট শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে পুৰুষ এছিয়া হকী কাপ ২০২৫। ‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস’ হিচাপে উদযাপন কৰা হকী কিংবদন্তি মেজৰ ধ্যানচান্দৰ জন্ম বাৰ্ষিকীত আয়োজন কৰা হৈছে এই সন্মানীয় প্ৰতিযোগিতা। অহা ৭ ছেপ্টেম্বৰত সামৰণি পৰিব এই প্ৰতিযোগিতা।
এছিয়াৰ শীৰ্ষ আঠটা দলে অংশগ্ৰহণ কৰিছে
এছিয়া কাপৰ দ্বাদশ সংস্কৰণত এছিয়া, ভাৰত, জাপান, চীন, কাজাখস্তান, মালয়েছিয়া, দক্ষিণ কোৰিয়া, বাংলাদেশ আৰু চীনা টাইপেইৰ শীৰ্ষ আঠটা দলে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে ৮টা দলে ৰাজগীৰত উপস্থিত হৈছে। কটকটীয়া নিৰাপত্তা আৰু থকাৰ ব্যৱস্থা কৰা হৈছে। আয়োজক ভাৰতীয় দলৰ খেলুৱৈসকল ৰাজগীৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া কমপ্লেক্সত থাকিবলৈ লৈছে।
ৰাজগীৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনো বিশেষ কাৰণ ই ২০২৬ চনৰ আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচন (এফ আই এইচ) হকী বিশ্বকাপৰ বাবে কোৱালিফায়াৰ হিচাপে কাম কৰিব। এনে পৰিস্থিতিত প্ৰতিখন মেচ অতি নিৰ্ণায়ক আৰু ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে।
বিহাৰ ৰাজ্যিক ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান-সহ মুখ্য কাৰ্যবাহী বিষয়া ৰবীন্দ্ৰ শংকৰনে কয় যে বিহাৰৰ ৰাজগীৰত পুৰুষৰ এছিয়া হকী কাপ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। ইয়াত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছে।
এতিয়ালৈকে অনুষ্ঠিত হোৱা ১১টা সংস্কৰণত দক্ষিণ কোৰিয়াই সৰ্বাধিক সফল দল হিচাপে পৰিগণিত হৈছে, ১৯৯৪, ১৯৯৯, ২০০৯, ২০১৩ আৰু ২০২২ চনত মুঠ ৫ বাৰকৈ খিতাপ দখল কৰিছে। এইবাৰৰ আয়োজক ভাৰতে ২০০৩, ২০০৭ আৰু ২০১৭ চনত খিতাপ দখল কৰাৰ বিপৰীতে পাকিস্তানে ১৯৮২, ১৯৮৫ আৰু ১৯৮৯ চনত তিনিবাৰকৈ বিজয়ী হৈছে ।
হকী ইণ্ডিয়াই দৰ্শকৰ বাবে এক বিশেষ ঘোষণা কৰিছে। অৰ্থাৎ ৰাজগীৰত অনুষ্ঠিত হ’বলগীয়া সকলো মেচত প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া হ’ব। ইয়াৰ উদ্দেশ্য হৈছে অধিক সংখ্যক হকী প্ৰেমিকক ষ্টেডিয়ামলৈ আনি খেলখন জনসাধাৰণৰ মাজলৈ লৈ যোৱা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
