
গুৱাহাটী, ২৯ আগষ্ট (হি.স.)। সোণাপুৰ আৰক্ষীৰ জালত ট্ৰাক হাইজেকাৰ দলৰ দুজন সদস্য। বিগত চৈধ্য আগষ্টত সোণাপুৰৰ মেধিকুছিৰ পৰা নিৰ্মাণ সামগ্ৰী ভৰ্তি এএছ ০১ জেচি ৪৫৫৭ নম্বৰৰ ট্ৰাক খনেৰে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছিল শিলচৰলৈ। কিন্তু ট্ৰাকখন আদবাটতে নিৰুদ্দিষ্ট হোৱাত ব্যৱসায়ী জনে এক অভিযোগ দাখিল কৰে সোণাপুৰ আৰক্ষীক।
ইয়াৰ পাছতেই সোণাপুৰ আৰক্ষীয়ে শিৱসাগৰৰ হালোৱাটিঙৰ পৰা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে ট্ৰাকখন। পৰৱৰ্তী পৰ্যায়ত অভিযান চলাই দুজন অভিযুক্তত গ্ৰেপ্তাৰ কৰে আৰু হালোৱাটিঙৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰে ট্ৰাকেৰে কঢ়িওৱা বৃহৎ পৰিমাণৰ টিনপাত। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এটা বৃহৎ হাইজেকাৰৰ দলে ট্ৰাকখন হাইজেক কৰি সামগ্ৰী সমূহ বিক্ৰীৰ পৰিকল্পনা কৰিছিল।
ধৃত দুজন ট্ৰাক হাইজেকাৰ ভাস্কৰ চুতীয়া আৰু উৎপল দাস। ইতিমধ্যে আটকাধীন দুজন অভিযুক্তক লৈ সোণাপুৰ আৰক্ষীয়ে আন সদস্য সকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। এক বৃহৎ হাইজেকাৰৰ দলে এনেদৰে পূৰ্বেও সামগ্ৰী ভৰ্তি ট্ৰাক হাইজেক কৰি পৰিকল্পিতভাৱে চুৰি হোৱা বুলি কৈ এটা চক্ৰক বিক্ৰী কৰি আহিছে সামগ্ৰীসমূহ।
হিন্দুস্থান সমাচাৰ / Narayan Kar
