• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পাতত ৩০ আগষ্ট: ‘পাটোলা’ গীতেৰে নিশাৰ ভিতৰতে তাৰকা হৈ পৰা পাঞ্জাবী গায়ক গুৰু ৰন্ধাৱাৰ জন্মদিন
National

ইতিহাসৰ পাতত ৩০ আগষ্ট: ‘পাটোলা’ গীতেৰে নিশাৰ ভিতৰতে তাৰকা হৈ পৰা পাঞ্জাবী গায়ক গুৰু ৰন্ধাৱাৰ জন্মদিন

CliQ INDIA
Last updated: August 29, 2025 7:36 pm
CliQ INDIA
Share
5 Min Read
SHARE

পাঞ্জাবী গায়ক গুৰু ৰন্ধাৱাক আজি কোনো পৰিচয়ৰ প্ৰয়োজন নাই। সংগীত জগতত নাম উজলাই তোলা কণ্ঠশিল্পী গৰাকীৰ আজি জন্মদিন। ১৯৯১ চনৰ আজিৰ দিনটোতে পঞ্জাৱৰ গুৰদাসপুৰত জন্মগ্ৰহণ কৰিছিল। সৰুৰে পৰাই গুৰুৱে গায়ক হ’ব বিচাৰিছিল। মঞ্চৰ অনুষ্ঠান আৰু পাৰ্টিত গান গাবলৈ আৰম্ভ কৰিলে। অৱশ্যে সঁচা অৰ্থত ২০১২ চনৰ পৰাই তেওঁৰ গায়ক জীৱনৰ আৰম্ভণি হৈছিল। তেওঁৰ প্ৰথম গীত ‘চেম গাৰ্ল’ উন্মোচন কৰা হৈছিল। এই গীতটি হিট নহ’ল, কিন্তু ইয়াৰ পিছতো গুৰু ৰান্ধৱাই ধৈৰ্য হেৰুওৱা নাছিল। পিছত তেওঁ বিখ্যাত ৰেপাৰ বোহেমিয়াৰ সহযোগত ‘পাটোলা’ গীতটো প্ৰস্তুত কৰে। এই গীতটিয়ে নিশা টোৰ ভিতৰতে গুৰু ৰন্ধাৱাক তাৰকা কৰি তুলিলে। এই গীতটো জনপ্ৰিয় হৈ পৰে । এই গীটো আজিও বিয়া-বিয়া-পাৰ্টিত বহুত বাজি উঠে।

পাটোলাৰ সফলতাৰ পিছত গুৰু ৰন্ধাৱাই পিছলৈ ঘূৰি নাচালে আৰু ইটোৰ পিছত সিটো সফলতাৰ জখলা বগাই থাকিল। তেওঁ পাঞ্জাবী গীতৰ লগতে বহু বলীউড ছবিৰ গীত গাইছে। ‘হাই ৰেটেড গব্ৰু’, ‘ছুট ছুট কৰ দা’, ‘পাটোলা’, ‘বান জা তু মেৰী ৰাণী’ আৰু ‘লগদি লাহোৰ’ আদি বিখ্যাত গীত গাইছে ৰন্ধৱাই।

অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা:

১৬৮২ – উইলিয়াম পেনে ইংলেণ্ড এৰি পিছলৈ আমেৰিকাত পেনচিলভেনিয়া কলনী প্ৰতিষ্ঠা কৰে।

১৭৮০ – জেনেৰেল বেনেডিক্ট আৰ্নল্ডে ৱেষ্ট পইণ্ট ফ’ৰ্টত ব্ৰিটিছ সেনাবাহিনীৰ ওচৰত আত্মসমৰ্পণৰ প্ৰতিশ্ৰুতি দিয়ে।

১৮০৬ – আজিৰ দিনটোতে নিউয়ৰ্ক চহৰৰ দ্বিতীয়খন দৈনিক কাকত ‘দৈনিক বিজ্ঞাপনদাতা’ শেষবাৰৰ বাবে প্ৰকাশ পায়।

১৮৪২ – এংলো-চীন যুদ্ধৰ অন্ত পৰে, তাৰ পিছত চীনে হংকং ব্ৰিটিছ সাম্ৰাজ্যৰ হাতত অৰ্পণ কৰে।

১৯০১ – অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চহৰ প্ৰতিষ্ঠা কৰা হয়।

১৯২৮ – ভাৰতত ইণ্ডিপেণ্ডেন্স অৱ ইণ্ডিয়া লীগ প্ৰতিষ্ঠা হয়।

১৯৪৭ – ড° ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ খচৰা সমিতি গঠন কৰা হয়।

১৯৫১ – ফিলিপাইনছ আৰু আমেৰিকাই প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰে।

১৯৫৯ – মোগল সম্ৰাট জাহাংগীৰৰ জন্ম হয়।

১৯৬২ – ট’বাগো আৰু ট্ৰিনিদাদ, কেৰিবিয়ান দেশ ব্ৰিটেইনৰ পৰা স্বাধীন হয়।

১৯৬৭ – থাৰগুড মাৰ্শ্বেলক আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত প্ৰথম আফ্ৰিকান-আমেৰিকান ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।

১৯৮৪ – আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে মহাকাশযান ‘ডিস্কভাৰী’ উৰণ।

১৯৯১ – আজাৰবাইজানে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা ঘোষণা কৰে।

১৯৯৯ – ইষ্ট টিমৰৰ স্বাধীনতাৰ বাবে গণভোট অনুষ্ঠিত হয়।

১৯৯৯ – ইষ্ট টিমৰৰ বাসিন্দাসকলে ইণ্ডোনেছিয়াৰ পৰা স্বাধীনতাৰ বাবে অতিশয় ভোটদান কৰে।

১৯৯৯ – ৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘই এই ফলাফল ঘোষণা কৰে।

২০০২ – টাইৱানত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।

২০০২ – কন’কো ইনকৰ্পৰেশ্যন আৰু ফিলিপছ পেট্ৰলিয়াম একত্ৰিত হৈ কন’কোফিলিপছ গঠন কৰে।

২০০২ – ই আমেৰিকাৰ তৃতীয় বৃহত্তম সংহত শক্তি কোম্পানী আৰু দ্বিতীয় বৃহত্তম শোধন কোম্পানী আছিল।

২০০৩- বেৰেণ্টছ সাগৰত ৰাছিয়াৰ চাবমেৰিন ডুব যায়, ৯ জনৰ মৃত্যু, অষ্ট্ৰেলিয়াই বিশ্ব পালতোলাত স্বৰ্ণ পদক লাভ কৰে।

২০০৩ – সমাজবাদী পাৰ্টিৰ নেতা মুলায়ম সিং যাদৱ তৃতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়।

২০০৭ – দুজন জাৰ্মান বিজ্ঞানীয়ে গুন্থাৰ নিমিট্জ আৰু আলফন ষ্টালহোফেনে এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বক অসত্য বুলি দাবী কৰে।

২০০৭ – নেপালৰ কৈৰালা চৰকাৰে চাৰিজন মাওবাদী বিদ্ৰোহীক ফ্ৰান্স, ডেনমাৰ্ক, অষ্ট্ৰেলিয়া আৰু মালয়েছিয়াত ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়ে।

২০১৪ – দক্ষিণ আফ্ৰিকাৰ দেশ লেচোথোৰ প্ৰধানমন্ত্ৰী টম থাবানে সেনাই অভ্যুত্থানৰ চেষ্টা চলোৱাৰ অভিযোগত দক্ষিণ আফ্ৰিকালৈ পলায়ন কৰে।

জন্ম:

১৮৮৮ – আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতাৰ বাবে ফাঁচী দিয়া অমৰ শ্বহীদ সকলৰ ভিতৰত এজন কানাইলাল দত্ত।

১৯৮৫ – বিনীত ৰাইনা – ভাৰতীয় অভিনেতা।

১৮৯৫ – আজিৰ দিনটোতে চৰ্দাৰ হুকাম সিং – ভাৰতীয় ৰাজনীতিবিদ তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ।

১৯০০ – বীৰ ভান ভাটিয়া – ভাৰতীয় চিকিৎসক।

১৯০৩ – ভাগৱতী চৰণ বৰ্মা – বিশিষ্ট হিন্দী সাহিত্যিক।

১৯১২ – নেন্সি ৱেক – দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অন্যতম বিখ্যাত মহিলা যোদ্ধা।

১৯১৮ – বিনায়ক আচাৰ্য – ওড়িশাৰ নৱম মুখ্যমন্ত্ৰী।

১৯২৩ – শৈলেন্দ্ৰ – গীতিকাৰ।

১৯৫৪ – ৰবি শংকৰ প্ৰসাদ – এজন অধিবক্তা আৰু ৰাজনীতিবিদ।

২০০১ – জেচমিন লেম্বোৰিয়া – ভাৰতীয় মহিলা বক্সাৰ।

মৃত্যু :

১৯৫২ – অছবৰ্ণ স্মিথ – ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গৱৰ্ণৰ।

১৯৭৬ – জি.পি. শ্ৰীবাস্তৱ – হিন্দী সাহিত্যিক।

২০০৮- কৃষ্ণ কুমাৰ বিৰলা, বিশিষ্ট উদ্যোগপতি।

২০১৪ – বিপিন চন্দ্ৰ – বিখ্যাত ইতিহাসবিদ।

গুৰুত্বপূৰ্ণ দিন আৰু অনুষ্ঠান:

ক্ষুদ্ৰ উদ্যোগৰ দিন

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

সংসদ চৌহদত বিৰোধীৰ প্ৰতিবাদ
ভাৰতত 6G মানকীকৰণৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা
আজি প্ৰখ্যাত প্ৰবীণ খেলুৱৈ ফৌজা সিঙৰ অন্ত্যেষ্টিক্ৰিয়া, ১৪ জুলাইত তীব্ৰবেগী গাড়ীয়ে মাৰিছিল খুন্দা
ৰাজৌৰীৰ সেনা শিবিৰত সন্ত্ৰাসবাদী আক্ৰমণ | BulletsIn
প্ৰধানমন্ত্ৰী মোডী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ টেলিফোনযোগে বাৰ্তালাপ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আমেৰিকাৰ পৰা বিতাড়িত সাতজন প্ৰব্ৰজনকাৰীয়ে ৰুৱাণ্ডাত উপস্থিত, ২৫০ জনলৈকে লোকক বদলি কৰাৰ পৰিকল্পনা
Next Article মুছলমানৰ বাবে বিজেপি উচ্চ ৰক্তচাপ আৰু কংগ্ৰেছ মধুমেয় বেমাৰ আখ্যা বিপিএফ নেতা তথা প্ৰাক্তন আমছু নেতা ৰফিকুল ইছলামৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?