পেৰিছ, ২৯ আগষ্ট (হি.স.)। ভাৰতৰ পুৰুষৰ ডাবলছ যুটি সাতৱিকছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে বৃহস্পতিবাৰে সুন্দৰ প্ৰদৰ্শন কৰি পেৰিছ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী তথা বিশ্ব ৬ নম্বৰৰ যুটি লিয়াং ৱেই কাং আৰু ৱাং চাঙক ১৯-২১, ২১-১৫, ২১-১৭ ব্যৱধানত পৰাস্ত কৰি বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
নিৰ্ণায়ক খেলখনত সাতৱিক-চিৰাগে ১৫-১৭ ব্যৱধানত পিছ পৰি আছিল যদিও তাৰ পিছত একেৰাহে ছটা পইণ্ট লাভ কৰি মেচখন জয়ী হৈছিল। এই চীনৰ যুটিৰ বিৰুদ্ধে ৯খন মেচত এয়া মাত্ৰ তৃতীয়টো জয়।
এতিয়া ভাৰতীয় যুটিটোৱে কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ২ নম্বৰ মালয়েছিয়ান যুটি এৰন চিয়া আৰু ছ’হ ৱু য়িকৰ মুখামুখি হ’ব।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পিভি সিন্ধু আৰু মিক্সড ডাবলছৰ যুটি তনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাইও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
