বলীউডৰ অভিনেতা বিবেক অবেৰয়ৰ বিষয়ে সকলোৱে জানে, কিন্তু তেওঁৰ সম্পৰ্কীয় ভাতৃ অক্ষয় ওবেৰয়ো যে চলচ্চিত্ৰ জগতৰ অভিনেতা, সেই কথা অতি কম সংখ্যকেহে জানে। অলপতে অক্ষয়ে এক সাক্ষাৎকাৰৰ সময়ত বিবেকৰ সৈতে থকা সম্পৰ্কক লৈ থকা মৌনতা ভাঙি সকলোকে আচৰিত কৰি তোলা এটা বক্তব্য আগবঢ়াইছিল।
অক্ষয়ে স্পষ্টকৈ কৈছিল যে বিবেক তেওঁৰ সম্পৰ্কীয় ভাতৃ হ’লেও দুয়োৰে মাজত কেতিয়াও বিশেষ ঘনিষ্ঠতা হোৱা নাই। তেওঁ কয়, বিবেক অবেৰয় মোৰ ভতিজা, কিন্তু আমি ঘনিষ্ঠ নহয়। আমাৰ মাজত ভাল সম্পৰ্ক নাই। উদ্যোগটোৰ অতি কম সংখ্যক লোকেহে জানে যে আমি ভাই-ভাই। মই মোৰ কেৰিয়াৰত কেতিয়াও বিবেকৰ নাম ব্যৱহাৰ কৰা নাছিলো, কাৰণ আমাৰ মাজত এনেকুৱা কোনো সম্পৰ্ক নাছিল যাৰ সুবিধা মই ল’ব পাৰিলোঁ।
এই দূৰত্বক লৈ অক্ষয়ে দুখ প্ৰকাশ কৰি কয় যে, ভাই-ভাই হোৱাৰ পিছতো আমি ইজনে সিজনৰ ইমান ঘনিষ্ঠ হ’ব নোৱাৰাৰ বাবে দুখী। যদিও মই এই পৰিয়ালটোৰ অংশ হোৱাৰ বাবে গৌৰৱান্বিত, তথাপিও বিবেকৰ সৈতে কাম কৰাৰ সুযোগ কেতিয়াও পোৱা নাছিলো বুলি মই দুখ প্ৰকাশ কৰিছো।
‘ব্লেকমেইল’, ‘পিজ্জা’ৰ দৰে ছবিত অভিনয় কৰা অক্ষয় অবেৰয়ৰ লগতে শেহতীয়াকৈ ঋত্বিক ৰোশনৰ ‘ফাইটাৰ’ ছবিতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ‘সাথিয়া’, ‘কোম্পানী’, ‘শ্বুটআউট এট লোকাণ্ডৱালা’ আদি গীতৰ জৰিয়তে বলীউডত সুদৃঢ় স্থান দখল কৰিবলৈ সক্ষম হৈছে বিবেক অবেৰয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
