বেইজিং, ২৮ আগষ্ট (হি.স.)। চীনৰ স্বাধীনতা দিৱস (বিজয় দিৱস) সামৰিক পেৰেডত অংশগ্ৰহণ কৰিব ২৬ গৰাকী বিদেশী নেতাই। এই নেতাসকলে ৰাষ্ট্ৰপতি ছি জিনপিঙৰ আমন্ত্ৰণত স্বাধীনতা দিৱস উদযাপনৰ শোভা বঢ়াব। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে সহকাৰী বৈদেশিক মন্ত্ৰী হং লেইয়ে। তেওঁ কয় যে এই উপলক্ষে চীনে জাপানৰ আগ্ৰাসনৰ বিৰুদ্ধে চীনৰ জনপ্ৰতিৰোধ যুদ্ধ আৰু বিশ্ব ফেচিষ্ট বিৰোধী যুদ্ধৰ বিজয়ৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে এক বিশাল সামৰিক পেৰেডৰ আয়োজন কৰিব।
চীনৰ সংবাদ সংস্থা ছিনহুয়াৰ মতে, আমন্ত্ৰিত বিদেশী নেতাসকলৰ ভিতৰত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, কোৰিয়াৰ ৱৰ্কাৰছ পাৰ্টিৰ মহাসচিব আৰু কোৰিয়া গণতান্ত্ৰিক গণৰাজ্যৰ ৰাজ্যিক পৰিক্ৰমা সমিতিৰ অধ্যক্ষ কিম জং উন, কম্বোডিয়াৰ ৰজা ন’ৰ’ডম ছিহামনি, ভিয়েটনামৰ ৰাষ্ট্ৰপতি লুয়ং কুয়ং, লাও পিপলছ ৰিভল্যুচনেৰী পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আৰু লাওৰ ৰাষ্ট্ৰপতি থংল’ন ছিছৌলিথ, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানো, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, মংগোলিয়াৰ ৰাষ্ট্ৰপতি উখনা খুৰেলছুখ, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি, মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু, কাজাখস্তানৰ ৰাষ্ট্ৰপতি কাছিম-জোমাৰ্ট টোকায়েভ, উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাৱকাট মিৰ্জিঅ’য়েভ, তাজিকৰ ৰাষ্ট্ৰপতি ইমোমালি ৰহমন, কিৰ্গিজ ৰাষ্ট্ৰপতি ছাদিৰ জাপাৰভ, তুৰ্কমেনৰ ৰাষ্ট্ৰপতি চেৰদাৰ বেৰ্ডিমুহামেডভ, বেলাৰুছ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকো, আজাৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভ, আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকল পাছিনিয়ান, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান, কংগো গণৰাজ্যৰ ৰাষ্ট্ৰপতি ডেনিছ ছাছৌ নুয়েছ’, জিম্বাবুৱেৰ ৰাষ্ট্ৰপতি ইমাৰ্চন মনাংগাগৱা, ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৱুগাগৱাচিচ, শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো, কিউবাৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম সম্পাদক আৰু কিউবাৰ সভাপতি মিগেল ডায়েজ-কেনেল আৰু ম্যানমাৰৰ ভাৰপ্ৰাপ্ত সভাপতি মিন আং হিলিং।
গ্ল’বেল টাইমছৰ প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে এক সংবাদমেলত সহকাৰী বৈদেশিক মন্ত্ৰী হং লেইয়ে এই ঘোষণা কৰে। তেওঁ কয় যে সামৰিক পেৰেডৰ উদ্দেশ্য হৈছে জাতীয় সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ দৃঢ় ইচ্ছাশক্তি আৰু বিশ্ব শান্তি ৰক্ষাৰ শক্তিশালী ক্ষমতা প্ৰদৰ্শন কৰা। হং লেইয়ে কয় যে চীনে কেতিয়াও আধিপত্য স্থাপন আৰু সম্প্ৰসাৰণৰ চেষ্টা নকৰে। চীনে অস্ত্ৰৰ দৌৰতো লিপ্ত নহ’ব।
খবৰ অনুসৰি অহা ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত টিয়ানজিন চহৰত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ (এচছিঅ’) শীৰ্ষ সন্মিলনৰ লগে লগে বেইজিঙত অনুষ্ঠিত হ’ব এই সামৰিক পেৰেড। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া জাপান ভ্ৰমণৰ অন্তত টিয়ানজিনত আয়োজিত এই সন্মিলনত অংশগ্ৰহণ কৰিব। এছ চি অ’ সন্মিলনলৈ অহা নেতাসকলকো চীনে নিজৰ পেৰেডত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিছে। এই কথাই জাপানক ক্ষুব্ধ কৰি তুলিছে।
জাপানৰ সংবাদ সংস্থা কিয়’ডোৰ মতে, জাপানে নিজৰ বিদেশী দূতাবাসৰ জৰিয়তে আন দেশলৈ বাৰ্তা প্ৰেৰণ কৰিছে যে চীনৰ এই ঘটনাই জাপান বিৰোধী আৱেগক প্ৰতিফলিত কৰিছে। গতিকে ইয়াত অংশগ্ৰহণ কৰাৰ আগতে ভালদৰে চিন্তা কৰা উচিত। এই সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাপানৰ ওচৰত কূটনৈতিক প্ৰতিবাদ দাখিল কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
