নতুন দিল্লী, ২৮ আগষ্ট (হি.স.)। আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা ২৫ শতাংশ অতিৰিক্ত শুল্কৰ প্ৰভাৱ আজি একেৰাহে দ্বিতীয়টো ব্যৱসায়িক দিনৰ বাবে ঘৰুৱা শ্বেয়াৰ বজাৰত দেখা গৈছে। আজিৰ ব্যৱসায় দুৰ্বলতাৰে আৰম্ভ হৈছিল। বজাৰ খোলাৰ লগে লগে বিক্ৰীৰ চাপৰ বাবে শ্বেয়াৰ বজাৰৰ গতিবিধি তীব্ৰভাৱে হ্ৰাস পায়। কিন্তু প্ৰথম ২০ মিনিটৰ ব্যৱসায়ৰ পিছত ক্ৰেতাসকলে ক্ৰয় কৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে চেন্সেক্স আৰু নিফটি দুয়োটা সূচকাংকৰ গতিবিধিৰ উন্নতি হ’বলৈ ধৰিলে। পুৱা ১০ বজালৈকে ব্যৱসায় কৰাৰ পিছত চেন্সেক্সৰ দুৰ্বলতা ০.৫০ শতাংশ আৰু নিফটিৰ দুৰ্বলতা ০.৪৭ শতাংশৰে ব্যৱসায় হৈছিল।
পুৱা ১০ বজালৈকে ব্যৱসায় কৰাৰ পিছত ষ্টক মাৰ্কেটৰ ডাঙৰ ডাঙৰ ষ্টকসমূহৰ ভিতৰত হিৰো মট’কৰ্প, এছিয়ান পেইণ্টছ, এছ বি আই লাইফ ইনশ্বুৰেন্স, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা আৰু লাৰ্চেন এণ্ড টৌব্ৰ’ৰ শ্বেয়াৰে ১.৪৮ শতাংশৰ পৰা ০.৪৯ শতাংশলৈকে শক্তিৰে ব্যৱসায় কৰিছিল। আনহাতে, শ্ৰীৰাম ফাইনেন্স, এইচ চি এল টেকন’লজি, এইচ ডি এফ চি বেংক, টি চি এছ আৰু জিঅ’ ফাইনেন্সিয়েলৰ শ্বেয়াৰ ২.৮৪ শতাংশ হ্ৰাস পাই ১.০৮ শতাংশ হোৱা দেখা গৈছে।
এতিয়ালৈকে শ্বেয়াৰ বজাৰত ২,১৪৯টা শ্বেয়াৰৰ সক্ৰিয় ব্যৱসায় হৈছে। ইয়াৰে ৬৭১ টা শ্বেয়াৰ লাভ কৰি গ্ৰীণ মাৰ্কত ব্যৱসায় কৰাৰ বিপৰীতে ১,৪৭৮ টা শ্বেয়াৰ লোকচান হৈ ৰঙা মাৰ্কত ব্যৱসায় কৰিছিল। একেদৰে চেন্সেক্সত অন্তৰ্ভুক্ত ৩০টা ষ্টকৰ ভিতৰত ৯টা ষ্টক ক্ৰয়ৰ সমৰ্থনত সেউজীয়া চিহ্নত থাকিল। আনহাতে, বিক্ৰীৰ হেঁচাত ২১টা ষ্টক ৰেড মাৰ্কত ব্যৱসায় কৰি আছিল। নিফটিত অন্তৰ্ভুক্ত ৫০টা ষ্টকৰ ভিতৰত ১০টা ষ্টক গ্ৰীণ মাৰ্কত আৰু ৪০টা ষ্টক ৰেড মাৰ্কত ব্যৱসায় কৰা দেখা গৈছিল।
আজি ৩১.৮৮ পইণ্টৰ সামান্য দুৰ্বলতাৰে ৮০,৭৫৪.৬৬ পইণ্টত মুকলি হয় বিএছই চেন্সেক্স। ব্যৱসায় আৰম্ভ হোৱাৰ লগে লগে বিক্ৰীৰ চাপৰ বাবে এই সূচকাংক ব্যৱসায়ৰ প্ৰথম ২০ মিনিটত ৮০,০৯৩.৫২ পইণ্টলৈ হ্ৰাস পায়। কিন্তু ইয়াৰ পিছত ক্ৰেতাসকলে ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে, যাৰ বাবে এই সূচকাংকৰ গতিবিধিৰ উন্নতি হ’বলৈ ধৰিলে। বজাৰত অবিৰত ক্ৰয়-বিক্ৰয়ৰ মাজতে পুৱা ১০ বজালৈকে ব্যৱসায়ৰ পিছত চেন্সেক্সৰ মূল্য ৪০১.৫৩ পইণ্ট হ্ৰাস পাই ৮০,৩৮৫.০১ পইণ্টত ব্যৱসায় হৈছিল।
চেন্সেক্সৰ দৰেই এন এছ ইৰ নিফটিও আজি ২৪,৬৯৫.৮০ পইণ্টৰ স্তৰত ব্যৱসায় আৰম্ভ কৰি ১৬.২৫ পইণ্ট হ্ৰাস পাইছে। বজাৰ খোলাৰ লগে লগে বিক্ৰীৰ চাপৰ বাবে এই সূচকাংক ২০০ পইণ্টতকৈ অধিক হ্ৰাস পাই ২৪,৫০৭.২০ পইণ্টৰ স্তৰত উপনীত হয়। কিন্তু প্ৰথম ২০ মিনিটৰ ব্যৱসায়ৰ পিছত ক্ৰেতাসকলে ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে, যাৰ বাবে এই সূচকাংকৰ অৱস্থাৰ উন্নতি হ’বলৈ ধৰিলে। বজাৰত ধাৰাবাহিক ক্ৰয়-বিক্ৰয়ৰ মাজতে পুৱা ১০ বজালৈকে ব্যৱসায়ৰ পিছত নিফটিৰ মূল্য ১১৫.৮৫ পইণ্টৰ দুৰ্বলতাৰে ২৪,৫৯৬.২০ পইণ্টত ব্যৱসায় হৈছিল।
ইয়াৰ পূৰ্বে মঙলবাৰে অৰ্থাৎ যোৱা ব্যৱসায়িক দিনটোত চেন্সেক্সৰ মূল্য ৮৪৯.৩৭ পইণ্ট অৰ্থাৎ ১.০৪ শতাংশ দুৰ্বলতাৰে ৮০,৭৮৬.৫৪ পইণ্টত বন্ধ হয়। একে সময়তে নিফটিৰ মঙলবাৰৰ ব্যৱসায় ২৪,৭১২.০৫ পইণ্টত ২৫৫.৭০ পইণ্ট অৰ্থাৎ ১.০২ শতাংশ হ্ৰাস পাই ২৪,৭১২.০৫ পইণ্টত সমাপ্ত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
