গোলাঘাট, ২৮ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ বোকাখাতৰ কুৰুৱাবাহী পঞ্চায়তত অৰুণোদয় আঁচনিত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে। অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰিবলৈ যি কমিটি গঠন হৈছিল সেই কমিটিৰ পৰিয়ালৰ লোক, অঙহী-বঙহীয়ে অৰুণোদয় আঁচনি পোৱা বিপৰীতে বহু ৰাইজ এই আচঁনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে একাংশ মহিলাই।
কুৰুৱাবাহী পঞ্চায়তৰ ১ নং আৰু ২ নং ৱাৰ্ডৰ বঞ্চিত মহিলা সকলে পঞ্চায়তলৈ আহি ক্ষোভ উজাৰিলে পঞ্চায়তত। অৰুণোদয় আঁচনিৰ যোগ্য সকল বঞ্চিত হোৱাক লৈ সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ অনুৰোধ জনালে মুখ্যমন্ত্ৰীলৈ। লগতে এই সকল মহিলাই যদি অৰুণোদয় আঁচনিৰ পৰা যদি বঞ্চিত হয় তেতিয়া পঞ্চায়ত বন্ধ ৰখাৰ হুংকাৰ দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
