কুৱেটা (বেলুচিস্তান) পাকিস্তান, ২৮ আগষ্ট (হি.স.)। জমিয়ত উলেমা-ই-ইছলামৰ সদস্যসকলে মীৰ ইউছুফ আলী খান কলন্দ্ৰানীৰ নিৰুদ্দেশক লৈ পাকিস্তানী নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে খুজদাৰৰ আৰ চি ডি ঘাইপথ অৱৰোধ কৰি বুধবাৰে কুৱেটা আৰু কৰাচীৰ মাজত যাতায়ত ব্যাহত কৰে । জে ইউ আইৰ বিষয়াসকলৰ মতে, খুজদাৰৰ ছানি এলেকাত এই ধৰ্ণা আৰম্ভ কৰা হৈছিল আৰু কলন্দ্ৰানি উদ্ধাৰ নোহোৱালৈকে এই ধৰ্ণা অব্যাহত থাকিব। এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্বত আছে জেইউআই নেত্ৰী মৌলানা কামাৰুদ্দিন। ইয়াত কলন্দ্ৰানি জনজাতি প্ৰধান আলী মহম্মদ কলন্দ্ৰানী, জিলা প্ৰতিনিধি, জনজাতি বয়োজ্যেষ্ঠ আৰু বৃহৎ সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে।
দ্য বেলুচিস্তান পোষ্টৰ মতে, নিৰাপত্তা বাহিনীৰ বিষয়াসকলে কলন্দ্ৰানীক হাজিৰ নকৰালৈকে অৱৰোধৰ অন্ত নপৰে বুলি লোক সকলে ব্যক্ত কৰে। ঘাইপথ বন্ধ হোৱাৰ ফলত দুয়োফালে যাত্ৰীবাহী বাছ আৰু কাৰ্গো ট্ৰাকৰ দীঘলীয়া শাৰী দেখা পোৱা গৈছে। খুজদাৰৰ টুটাক অঞ্চলৰ বাসিন্দা মিৰ ইউছুফ কলন্দ্ৰানীক ২০২৫ চনৰ ১৭ আগষ্টত কৰাচীত আটক কৰা হৈছিল আৰু তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে। তেওঁৰ পৰিয়াল আৰু সমৰ্থকে দাবী কৰিছে যে তেওঁক বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰা হৈছে।
পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে লক্ষ্য কৰি লোৱা কলন্দ্ৰানি পৰিয়ালৰ সদস্যক এইটোৱেই প্ৰথম নহয়। ২০১১ চনৰ ১৮ ফেব্ৰুৱাৰীত সৈন্যই টুটাক গাঁওখন ঘেৰাও কৰি ঘণ্টা ধৰি ঘৰে ঘৰে তালাচী চলায়। সকলো পুৰুষ বাসিন্দাক একগোট কৰি আটক কৰি ৰখা হয়। যদিও পৰৱৰ্তী সময়ত কিছুমানক মুকলি কৰি দিয়া হয়, তথাপিও ইউছুফ কলন্দ্ৰানীৰ তিনি ভাতৃ, তেওঁৰ ৮২ বছৰীয়া আত্মীয় মহম্মদ ৰহিম খান কলন্দ্ৰানী আৰু পৰিয়ালৰ আন ১৬ জন সদস্য আজিও নিৰুদ্দেশ হৈ আছে। এই নতুন গোচৰৰ উত্থানে খুজদাৰত পুনৰ ক্ষোভৰ সৃষ্টি কৰিছে, য’ত জনজাতীয় প্ৰতিনিধিয়ে বছৰ বছৰ ধৰি কৰ্তৃপক্ষক কলন্দ্ৰানি পৰিয়ালক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
