নতুন দিল্লী, ২৮ আগষ্ট (হি.স.)। অহা মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে ভাৰতে ঘোষণা কৰিছে ৭৩ জনীয়া দল। এইবাৰ দলটোৰ নেতৃত্ব দিব তাৰকা জেভেলিন নিক্ষেপকাৰী সুমিত এন্টিলে। উল্লেখযোগ্য যে তিনিবাৰৰ পেৰালিম্পিক পদক বিজয়ী হাই জাম্পাৰ মৰিয়াপ্পান থাংগাভেলু আৰু টকিঅ’ আৰু পেৰিছ পেৰালিম্পিকত পদক লাভ কৰা হাই জাম্পাৰ শাৰদ কুমাৰে দলৰ স্থান হেৰুৱাইছে।
ভাৰতত এই সন্মানীয় চেম্পিয়নশ্বিপ খন আয়োজন কৰা হৈছে। অহা ২৭ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।
উল্লেখ্য যে ২০১৬ চনৰ ৰিঅ’ পেৰালিম্পিকত মৰিয়াপ্পানে (৩০) সোণ, টকিঅ’ত ৰূপ আৰু পেৰিছত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২৩ চনৰ এছিয়ান পেৰা গেমছ (হাংঝো)ত ৰূপৰ পদক আৰু ২০২৪ চনৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত (কোবে, জাপান) সোণৰ পদক লাভ কৰে। অৱশ্যে এইবাৰ তেওঁ বাছনি পৰীক্ষাত উপস্থিত নাথাকিল। প্ৰশিক্ষকসকলৰ মতে, শেহতীয়াকৈ তেওঁ নিজৰ কৌশল সলনি কৰি ঘূৰি আহিবলৈ সময়ৰ প্ৰয়োজন। অহা বছৰ জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান পেৰা গেমছত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লৈছে শাৰদ কুমাৰে।
পিচিআইৰ সভাপতি দেৱেন্দ্ৰ ঝাঝাৰিয়াই কয় যে এইবাৰ ১০৭খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে আৰু এয়া হ’ব এতিয়ালৈকে হোৱা সৰ্ববৃহৎ চেম্পিয়নশ্বিপ।
তেওঁ কয়, যোৱা বছৰ জাপানত ভাৰতে ১৭টা পদক লাভ কৰিছিল। এইবাৰ আমি ইয়াতকৈ অধিক পদক লাভ কৰি এই চেম্পিয়নশ্বিপক ইতিহাসৰ আটাইতকৈ সফল প্ৰতিযোগিতা হিচাপে গঢ়ি তুলিম।
পেৰিছ পেৰালিম্পিক ক্লাবৰ থ্ৰ’ৰ স্বৰ্ণ পদক বিজয়ী ধৰম্বীৰ নৈন আৰু দুবাৰৰ ব্ৰঞ্জৰ পদক বিজয়ী দৌৰবিদ প্ৰীতি পাল মুকলি অনুষ্ঠানত ভাৰতৰ পৰা পতাকাবাহী হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
