
নতুন দিল্লী, ২৭ আগষ্ট (হি.স.)। বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ আৰম্ভ হ’বলৈ মাত্ৰ ৩০ দিন বাকী থকা অৱস্থাত ভাৰতীয় পেৰালিম্পিক কমিটীয়ে বুধবাৰে নতুন দিল্লীৰ এখন হোটেলত ভাৰতীয় দলৰ অফিচিয়েল জাৰ্চি উন্মোচন কৰে। এই অনুষ্ঠানত ২৭ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ ঘৰুৱা মাটিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱা ৭৩ জনীয়া ভাৰতীয় দলটোৰ ঘোষণাক আলোকপাত কৰা হয়।
উন্মোচনী অনুষ্ঠানত পিচিআইৰ ব্ৰেণ্ড এম্বেছাদৰ বিখ্যাত অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাৱত, পিচিআইৰ সভাপতি দেৱেন্দ্ৰ ঝাঝাৰিয়া, বিশ্ব পেৰা এথলেটিকছৰ মুৰব্বী পল ফিটজেৰাল্ড আৰু ভাৰতৰ শীৰ্ষ পেৰা এথলীট যেনে প্ৰীতি পাল, ছিমৰান, ৰিংকু, ধৰম্বীৰ, দেৱেন্দ্ৰ কুমাৰ, অমিছা ৰাৱত, শ্ৰেয়ং ত্ৰিবেদী, বৰুণ সিং ভাটি আৰু প্ৰণৱ সুৰমাও উপস্থিত থাকে।
অনুষ্ঠানত কংগনা ৰানাৱটে কয় যে এই মুহূৰ্তৰ অংশ হোৱাটো সঁচাকৈয়ে অতি বিশেষ। আমাৰ পেৰা এথলীটসকল প্ৰকৃত নায়ক যিয়ে নিজৰ নিষ্ঠা আৰু শক্তিৰে লাখ লাখ লোকক অনুপ্ৰাণিত কৰে। এই জাৰ্চি মুকলিৰ সৈতে টিম ইণ্ডিয়াৰ ঘোষণা তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, ঐক্য আৰু আবেগৰ প্ৰতীক। মোৰ বিশ্বাস যে তেওঁলোকে ত্ৰিৰংগটোক বিশ্বৰ মঞ্চত আৰু অধিক উজ্জ্বল কৰি তুলিব।
পিচিআইৰ সভাপতি দেৱেন্দ্ৰ ঝাঝাৰিয়াই কয় যে আজিৰ জাৰ্চি মুকলি আৰু আমাৰ শক্তিশালী টিম ইণ্ডিয়াৰ ঘোষণা কেৱল ইউনিফৰ্ম উন্মোচন নহয়; ই আমাৰ পেৰা এথলীটসকলৰ সাহস, দৃঢ়তা আৰু আবেগৰ উদযাপন। আমি নিশ্চিত যে এই দলটোৱে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
