ইম্ফল, ২৭ আগষ্ট (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে অহৰহ অভিযান তীব্ৰতৰ কৰি যথেষ্ট সফলতা অৰ্জন কৰিছে। যোৱা ২৪ ঘন্টাত বিভিন্ন জিলাত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ লগতে উগ্ৰপন্থী আৰু বাহন চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে লাখ লাখ টকাৰ নিচাজাতীয় বড়িও জব্দ কৰা হৈছে।
বুধবাৰে আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, জিৰিবাম জিলাৰ জিৰিবাম থানা এলেকাৰ ৰছিদপুৰ অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সামগ্ৰী উদ্ধাৰ কৰে। জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে ৭.৬২ মিমি এছ এল আৰ, ৫.৫৬ মিমি ইনছাছ ৰাইফল, দুটা পিষ্টল, ৬টা হেণ্ডহেল্ড ৰেডিঅ’ চেট, এটা চাৰ্জাৰ, দুটা মেগজিন, ৪১ ৰাউণ্ড বিভিন্ন কেলিবাৰৰ গুলী, এটা পাউচ আৰু দুযোৰ জংঘল জোতা।
ইয়াৰ পূৰ্বে ইম্ফল পূৱ জিলাৰ লামলাই থানা এলেকাৰ নাপেট পল্লীৰ পৰা নিষিদ্ধ সংগঠন প্ৰেপক (প্ৰ’)ৰ কেডাৰ নোংমাইথাম নাওচা মেইটেই (২৬)ক গ্ৰেপ্তাৰ কৰা হৈছিল। ইম্ফল ইষ্টৰ য়াইংগাংপকপি মাখা লেইকাইৰ বাসিন্দা।
চুৰাচান্দপুৰ জিলাৰ এছ মুন্নুৱাম অঞ্চলৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে মাননেইহোই বাইটে (৪৯)ক। তেওঁৰ পৰা ১২০০ টা WY টেবলেট উদ্ধাৰ কৰা হয়, যাৰ মূল্য প্ৰায় ১০ লাখ টকা বুলি অনুমান কৰা হৈছে।
বাহন অপৰাধৰ বিৰুদ্ধে একে ক্ৰমত আৰক্ষীয়ে থৌবাল জিলাৰ লিলং আৰক্ষী থানা এলেকাৰ পৰা দুজন বাহন চোৰক গ্ৰেপ্তাৰ কৰে। আটকাধীন অভিযুক্ত দুজন মহম্মদ আছিকুৰ ৰহমান (২৫) আৰু মহম্মদ যুমখাইবাম মোচিল খান (২৩)। গ্ৰেপ্তাৰৰ সময়ত উদ্ধাৰ হৈছে এখন অল্ট’ গাড়ী আৰু মোবাইল ফোন।
মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, অস্ত্ৰ-শস্ত্ৰ, নিচাযুক্ত দ্ৰব্য, বিদ্ৰোহ আৰু যান-বাহন অপৰাধৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
