ওদালগুৰি, ২৭ আগষ্ট (হি.স.): বিটিচি নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে ওদালগুৰি জিলা আয়ুক্ত পুলক পাটগিৰিয়ে যোৱা কালি মঙলবাৰে বিয়লি এক সংবাদ মেল সম্বোধন কৰি জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বিষয়ে আলোকপাত কৰে । বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ ওদালগুৰি জিলা প্ৰশাসন।
ওদালগুৰি জিলাৰ ১০ পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰা হয় আৰু নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ কথা সদৰি কৰে আয়ুক্ত পুলক পাটগিৰিয়ে। ওদালগুৰি জিলাৰ ১০ পৰিষদীয় সমষ্টিত ২ জন ৰিটাৰিং অফিচাৰ ক্ৰমে ভেৰগাঁও মহকুমাৰ ৫ সমষ্টিৰ ৰিংখাং মুছাহাৰী আৰু ওদালগুৰিৰ ৫ সমষ্টিৰ ৰিটাৰিং অফিচাৰ ওদালগুৰি জিলা আয়ুক্ত পুলক পাটগিৰি। ওদালগুৰি জিলাৰ দহটা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ৯৩৯ টা। ইফালে জিলাখনত সৰ্বমুঠ ভোটাৰ হৈছে ৭ লাখ ৪৫ হাজাৰ ১১৪ জন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
