-বৰষুণৰ ফলত ৰাজ্যত প্ৰচণ্ড ধ্বংসলীলা
জম্মু, ২৭ আগষ্ট (হি.স.)। জম্মু-কাশ্মীৰৰ বৈষ্ণো দেৱী পথত মঙলবাৰে হোৱা ভূমিস্খলন আৰু ধাৰাসাৰ বৰষুণৰ ফলত এতিয়ালৈকে ১০ জন লোকৰ মৃত্যু হৈছে। মৃতকৰ ভিতৰত আছে বৈষ্ণো দেৱী যাত্ৰাৰ লগত জড়িত ৬ জন ভক্ত। এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত জম্মু সংমণ্ডলত বহু ধ্বংসলীলা সংঘটিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয় যে তেওঁ অহৰহ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ইয়াৰ পৰিস্থিতিৰ বিষয়ে ফোনযোগে অৱগত কৰিছে।
মঙলবাৰে জম্মু সংমণ্ডলৰ বৈষ্ণো দেৱী মাৰ্গত হোৱা নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনৰ ফলত ৬ জন ভক্তসহ মুঠ ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। এই দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। বৈষ্ণো দেৱী মন্দিৰৰ তীৰ্থযাত্ৰা পিছুৱাই দিয়া হৈছে।
বৈষ্ণো দেৱী পথত হোৱা ভূমিস্খলনত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এক্স-পোষ্টত লিখিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ফোনযোগে কথা পাতি ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ বিষয়ে তেওঁক অৱগত কৰিছিল।
উল্লেখযোগ্য যে যোৱা বিয়লি প্ৰায় ৩ বজাত ত্ৰিকুটা পাহাৰত অৱস্থিত মাতা বৈষ্ণো দেৱী মন্দিৰৰ আঁকোৰগোজ পথত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। বিষয়াসকলে জনোৱা মতে, অঞ্চলটোত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে।
জম্মুৰ প্ৰতিৰক্ষা জনসংযোগ বিষয়াই জানিবলৈ দিয়া মতে, কাটৰা আৰু ইয়াৰ আশে-পাশে উদ্ধাৰ আৰু সাহায্য অভিযানত ততাতৈয়াকৈ সেনাবাহিনীৰ তিনিটা সাহায্য মোতায়েন কৰা হয়। তেওঁ এক্স-পোষ্টত কয় যে কাটাৰাৰ অৰ্ধকুম্ৱাৰীত সেনাবাহিনীৰ এটা দলে লোকসকলক উদ্ধাৰ কৰাত সহায় কৰি আছে, কাটাৰাৰ পৰা ঠাকুৰ কোটলৈ যোৱা পথৰ ভূমিস্খলন স্থানত এটা সাহায্য দল উপস্থিত হৈছে আৰু যোৰিয়ানৰ দক্ষিণে সেনাবাহিনীৰ এটা দলে সাহায্য আগবঢ়াইছে। লোকসকলৰ প্ৰাণৰক্ষা, আৰ্তজনক সাহায্য প্ৰদান আৰু সাধাৰণ নাগৰিকক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰিত কৰাৰ প্ৰচেষ্টা চলি আছে। অসামৰিক সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰ কাম চলি আছে।
ধাৰাবাহিকভাৱে ধাৰাসাৰ বৰষুণেও কাশ্মীৰ উপত্যকাত যথেষ্ট ধ্বংসলীলাৰ সৃষ্টি কৰিছে। দলং ভাঙি ম’বাইল টাৱাৰ আৰু বিদ্যুতৰ খুঁটা ক্ষতিগ্ৰস্ত হোৱাৰ বাবে দূৰসংযোগ আৰু বিদ্যুৎ যোগানৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিষয়াসকলে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৃহৎ অঞ্চলত দূৰসংযোগ সেৱা ব্যাহত হোৱাৰ ফলত লাখ লাখ লোক যোগাযোগৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।
জম্মু-শ্ৰীনগৰ আৰু কিষ্টৱাৰ-দোডা ৰাষ্ট্ৰীয় ঘাইপথত চলাচল বন্ধ কৰি দিয়া বুলি জানিবলৈ দিয়ে। ভূমিস্খলন বা ক্ষন্তেকীয়া বানপানীৰ ফলত কেইবা ডজনো পাহাৰীয়া পথ অৱৰোধ বা ক্ষতিগ্ৰস্ত হয়। জম্মুলৈ অহা-যোৱা কৰা কেইবাখনো ৰে’ল বাতিল কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
