আৰ মাধৱনে নিজৰ কেৰিয়াৰত বহু স্মৰণীয় চৰিত্ৰত অভিনয় কৰি নিজৰ সুন্দৰ অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। শেষবাৰৰ বাবে ফাতিমা সনা শ্বেইখৰ সৈতে আপ জয়ছা কই ছবিত দেখা পোৱাৰ পিছক মাধৱনে এতিয়া আহি আছে নতুন ছবি ‘ব্ৰিজ’ লৈ। বিশেষ কথাটো হ’ল এই ছবিখনত তেওঁৰ যোৰ হ’ব অভিনেত্ৰী ৰাশি খান্নাৰ সৈতে।
খবৰ অনুসৰি ব্ৰিটেইনৰ পটভূমিৰ ওপৰত আধাৰিত ছাচপেন্স থ্ৰিলাৰ ছবি ব্ৰীজৰ কাহিনী। মাধৱন আৰু ৰাশি খান্নাৰ সৈতে সোহা আলী খানকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। সোহা আৰু মাধৱনক একেলগে পৰ্দাত দেখাটো দৰ্শকৰ বাবে বিশেষ হ’ব, কাৰণ দুয়োজনে ১৯ বছৰ পূৰ্বে ৰং দে বসন্তিত একেলগে কাম কৰিছিল।
১০ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা কন্যাক বিচাৰি থকা এহাল দম্পতীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ছবিখনৰ কাহিনী। এই ছবিখন পৰিচালনা কৰিছে অক্ষয় কুমাৰৰ মিছন মংগলৰ লেখক নিধি সিং ধৰ্ম আৰু চিনেমাট’গ্ৰাফাৰ নাগ্ৰজ দিৱাকাৰে। আমোদজনক কথাটো হ’ল এইটোৱেই হৈছে দুয়োৰে দিশত আত্মপ্ৰকাশৰ প্ৰজেক্ট। ছবিখনৰ শ্বুটিং সম্পূৰ্ণ হোৱাত চলিত বৰ্ষৰ শেষৰ ফালে বা ২০২৬ চনৰ আৰম্ভণিতে মুক্তি পোৱাৰ সম্ভাৱনা আছে।
ব্ৰীজৰ বাহিৰেও মাধৱনৰ বহু ডাঙৰ প্ৰজেক্ট আছে। তেওঁক অজয় দেৱগন আৰু ৰাকুল প্ৰীত সিঙৰ সৈতে ‘দে দে প্যাৰ দে ২’ ছবিত দেখা যাব। ইয়াৰ উপৰিও ৰণবীৰ সিঙৰ সৈতে তেওঁৰ ছবি ‘ধুৰন্ধৰ’ও লাইনআপত আছে। কংগনা ৰানাউটৰ সৈতে এখন থ্ৰিলাৰ ছবিৰ কামো কৰি আছে। আনহাতে ৰাশি খান্নাক অতি সোনকালে ফাৰহান আখতাৰৰ ‘১২০ বাহাদুৰ’ আৰু শ্বাহিদ কাপুৰৰ ৱেব ছিৰিজ ‘ফৰ্জী ২’ত দেখা যাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
