
চৰাইদেউ, ২৭ আগষ্ট (হি.স.)। চৰাইদেউ জিলাৰ সোণাৰিত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ এহাল দম্পত্তীক আটক কৰা হৈছে। সোণাৰিত জোঁৱাই হিচাপে বসবাস কৰা ৰচিদ ৰহমান আৰু তেওঁৰ পত্নীক আটক কৰা হৈছে।
জিলা আৰক্ষী উপ অধীক্ষক আৰিয়ান নাথৰ নেতৃত্বত আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছসহ দম্পত্তি হালক আটক কৰে । সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী নেতৃত্বত চলা অভিযানত নগদ বান্দিলে বান্দিলে ৫০০, ২০০ আৰু ১০০ টকীয়া নোট জব্দ। কৰা হৈছে। লগতে কেইবাটাও ড্ৰাগছ ভৰ্তি কনটেইনাৰ উদ্ধাৰ কৰা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
