নতুন দিল্লী, ২৭ আগষ্ট (হি.স.)। ইউপি টি-২০ লীগৰ ১৯ সংখ্যক মেচত কানপুৰ ছুপাৰষ্টাৰে কাশী ৰুদ্ৰাছক ১২৮ ৰানৰ বিপুল ব্যৱধানত পৰাস্ত কৰে। ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত খেলা এই খেলখনত আদৰ্শ সিংহৰ ধুমুহাময় শতক আৰু শুভম মিশ্ৰৰ মাৰাত্মক বলিঙে গোটেই খেলখন ঘূৰাই আনে। আদৰ্শ সিংহক তেওঁৰ সুন্দৰ শতকৰ বাবে মেন অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়। শুভম মিশ্ৰৰ মাৰাত্মক বলিঙেও এই জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত কানপুৰ ছুপাৰষ্টাৰছৰ আৰম্ভণি ভাল নাছিল। চতুৰ্থ অভাৰত দলটোৱে প্ৰথম উইকেট হেৰুৱাইছিল আৰু দশম অভাৰৰ ভিতৰত স্ক’ৰ আছিল মাত্ৰ ৫৪/২। আদৰ্শ সিঙে কঠিন পৰিস্থিতিত ধৈৰ্য্য দেখুৱাই তাৰ পিছত ধুমুহাময়ভাৱে গিয়াৰ সলনি কৰে। আদৰ্শে ৫১টা বলত শতক সম্পূৰ্ণ কৰি শেষলৈকে অপৰাজিত হৈ ৫৫টা বলত ১১৩ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত ১২টা ছয় আছিল, ইয়াৰে ১০টা মাত্ৰ শেষৰ ১৯টা বলত আহিছিল। ১৮ নং অভাৰত ২৩ ৰান, ১৯ নং অভাৰত ২৭ ৰান আৰু শেষ অভাৰত ২৯ ৰান আজুৰি লৈ যায়। চতুৰ্থ উইকেটৰ বাবে আদৰ্শ আৰু ফৈজ আহমেদে ১১৩ ৰানৰ অংশীদাৰিত্ব ভাগ কৰিছিল, য’ত ফাইজৰ অৱদান আছিল মাত্ৰ ২২ ৰান। কানপুৰে ২০ অভাৰত ১৯৮/৩ ৰান সংগ্ৰহ কৰে।
লক্ষ্য খেদি খেদি কাশী ৰুদ্ৰাৰ ইনিংছ সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে। প্ৰথম বলত অধিনায়ক কৰণ শৰ্মাই এল বি ডব্লিউ আছিল। ইয়াৰ পিছত অংকুৰ শৰ্মাই দুটা উইকেট দখল কৰে আৰু ৭ম অভাৰত দলটোৱে ২৭ ৰাণত ৪ উইকেট হেৰুৱায়। ইয়াৰ পিছত শুভম মিশ্ৰই বিধ্বংসী ৰূপ ধাৰণ কৰিলে। মাত্ৰ ৩ অভাৰতে ৬ ৰানত ৫ উইকেট দখল কৰে। কাশী ৰুদ্ৰাছে ১৫ অভাৰত ৭০ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
