বেংগালুৰু, ২৬ আগষ্ট (হি.স.)। কৰ্ণাটক বিধানসভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গীত গোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হৈ ক্ষমা বিচাৰিছে উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে। শিৱকুমাৰে গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্কক এজন ভক্ত আৰু ঈশ্বৰৰ সম্পৰ্ক বুলি অভিহিত কৰে।
মঙলবাৰে বেংগালুৰুত এক সংবাদমেলত উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে স্পষ্ট কৰি দিয়ে যে যদি মোৰ কোনো কাম বা কথাত কোনোবাই আঘাত পাইছে, তেন্তে মই ক্ষমা খুজিবলৈ সাজু। মোৰ উদ্দেশ্য কাৰো অনুভৱত আঘাত কৰা নহয়। সকলোৰে ওচৰত ক্ষমা খুজিম। লগতে নিজৰ দলৰ যিসকলে তেওঁৰ বিৰুদ্ধে মাত মাতিলে তেওঁলোকৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কৈছিল যে তেওঁৰ কথাত প্ৰশ্ন কৰা সকল মূৰ্খ। প্ৰাক্তন মন্ত্ৰী কে এন ৰাজন্নাই উত্তৰ দি কয় যে তেওঁ যাক পৰামৰ্শ দিব বিচাৰে তেওঁক দিব লাগে। তেওঁ মোক কোৱাৰ প্ৰয়োজন নাই বুলিও কয়।
আৰ এছ এছৰ গীত গোৱাৰ অভিযোগ নাকচ কৰি শিৱকুমাৰে কয় যে মই কোনো আৰ এছ এছৰ গীত গোৱা নাই। বিধানসভাত বিজেপিৰ সদস্যসকলে ভাষণ দি থকাৰ সময়ত মই কৌতুক হিচাপে ‘আৰ আৰ আৰ’ ছবিখনৰ এটা গীত গাইছিলো। মাথোঁ বিৰোধীক উচটনি দিয়াৰ প্ৰয়াস আছিল। তেওঁ কয় যে সংসদীয় গণতন্ত্ৰত ব্যংগ আৰু হাস্যৰস স্বাভাৱিক। ৰাজনৈতিক যাত্ৰাৰ কথা মনত পেলাই ডি কে শিৱকুমাৰে স্পষ্ট কৰি দিয়ে যে মই ১৯৭৯ চনৰ পৰা এটা ছাত্ৰ সংগঠনৰ জৰিয়তে ৰাজহুৱা জীৱনত আছো। মোৰ কাৰো পৰা একো শিকাৰ প্ৰয়োজন নাই। গান্ধী পৰিয়ালৰ সৈতে মোৰ সম্পৰ্ক এজন ভক্ত আৰু ভগৱানৰ দৰে। তেওঁলোকৰ ত্যাগ, নিষ্ঠা আৰু আশীৰ্বাদৰ বাবেই মই ৰাজনীতিত আগবাঢ়িছো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
