
শিৱসাগৰ, ২৫ আগষ্ট (হি.স.)। আমগুৰিৰ প্ৰতিভাবান আৰ্চাৰী উদেষ্ণা ফুকনে যোৱা পশ্চিমবঙ্গত অনুষ্ঠিত জুনীয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত ইণ্ডিয়ান ৰাউণ্ডত উজ্বল সাফল্য প্ৰদৰ্শন কৰিছে। এই গৌৰৱৰ পৰিণতিত ভাৰতীয় আৰ্চাৰী সন্থাই তেওঁক ১.৫০ লাখ টকাৰ বিশেষ আৰ্থিক সাহায্য আগবঢ়াইছে।
প্ৰতি বছৰে জুনীয়ৰ আৰু চিনিয়ৰ শাখাত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত শীৰ্ষ ১মৰ পৰা ৮ম স্থানলৈ খেলুৱৈসকলক স্থান অনুসৰি এই বিশেষ সহায় প্ৰদান কৰা হয়। চলিত বছৰত অসমৰ মুঠ ৪ জন খেলুৱৈয়ে এই সহায় লাভ কৰিছে। তাৰ ভিতৰত উদেষ্ণা ফুকন হৈছে উজনি অসমৰ একমাত্ৰ প্ৰতিনিধি।
শিৱসাগৰ আৰ্চাৰী সন্থাৰ অন্তৰ্গত আমগুৰি ইউনিটৰ খেলুৱৈ উদেষ্ণাৰ ঘৰ জাঁজী জৰাবাৰীত। বৰ্তমান টিয়ক জ্যোতি বিদ্যাপীঠত দশম শ্ৰেণীৰ ছাত্ৰী উদেষ্ণাই আমগুৰি মিনি ষ্টেডিয়ামত নিয়মীয়াকৈ অনুশীলন কৰি নিজক আগুৱাই লৈ গৈছে। উদেষ্ণাৰ এই গৌৰৱজনক সফলতাই কেৱল আমগুৰি নহয়, সমগ্ৰ শিৱসাগৰ জিলাক গৌৰৱান্বিত কৰিছে।
ভৱিষ্যতে জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চতো উদেষ্ণাই উজ্বল সাফল্য অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
