গোলাঘাট, ২৫ আগষ্ট (হি.স.): গোলাঘাটৰ নেঘিৰিবিলৰ উচ্ছেদস্থলীত পুনৰ বনবিভাগৰ বৃহৎ দল উপস্থিত হৈছে। বিশেষ মুখ্য সচিব এম কে যাদৱৰ নেতৃত্বত বনবিভাগ, অসম আৰক্ষী আৰু চিআৰপিএফ ৰ এটা বৃহৎ দলে পদব্ৰজে পৰিদৰ্শন কৰে।
উল্লেখযোগ্য যে, নেঘেৰিবিলৰ ৫৯ টা পৰিয়ালক উচ্চতম ন্যায়ালয়ে সাময়িক সকাহ দিছে যদিও স্থিতাবস্থা বাহালৰ নিৰ্দেশনা দিছে। সেয়েহে পূৰ্বে উচ্ছেদিত কোনো পৰিয়াল নেঘিৰিবিললৈ পুনৰ প্ৰত্যাবৰ্তন ঘটিছে নেকি পৰিদৰ্শন কৰিবলৈ নেঘিৰিবিলত উপস্থিত হয় প্ৰশাসনৰ বৃহৎ দলটো। ইফালে উচ্ছেদস্থলীত এটা পোহনীয়া হাতী বান্ধি থোৱা অৱস্থাত প্ৰত্য়ক্ষ কৰি খঙত অগ্নিশৰ্মা হৈ পৰে বিশেষ মূখ্য সচিব এম কে যাদৱ। উচ্ছেদস্থলীত কেনেকৈ হাতী প্ৰবেশ কৰিবলৈ পালে বুলি প্ৰশ্ন কৰি তৎকালে হাতীটো জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে বিশেষ মূখ্য সচিবগৰাকীয়ে। লগতে কৰ্তব্যত গাফিলতি কৰাৰ বাবে মেৰাপানী খণ্ড বন বিষয়াক নিলম্বনৰ নিৰ্দেশ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
