ছুপাৰষ্টাৰ ৰজনীকান্তৰ ছবি ‘কুলি’ আৰু ১৪ আগষ্টত মুক্তি পোৱা ‘ৱাৰ ২’ৰ মাজত সংঘৰ্ষ হয়। বক্স অফিচত দুয়োখন ছবিৰ মাজত কঠোৰ প্ৰতিযোগিতাৰ সৃষ্টি হয়। কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত ‘কুলি’ই ‘ৱাৰ ২’ক অতিক্ৰম কৰি দ্বিতীয় সপ্তাহতো ছবিখনে ছবিগৃহত ভাল প্ৰদৰ্শন আগবঢ়াইছে।
বক্স অফিচৰ ট্ৰেকাৰ ছেকনিলকৰ মতে, ‘কুলি’ মুক্তিৰ ১১ তাৰিখে অৰ্থাৎ দ্বিতীয় দেওবাৰে ১০.৭৫ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে ছবিখনৰ মুঠ ঘৰুৱা সংগ্ৰহ ২৫৬.৭৫ কোটি টকা হৈছেগৈ। কেৱল ভাৰততে নহয় বহিঃৰাজ্যতো এই ছবিখনে ভাল প্ৰদৰ্শন আগবঢ়াইছে। বিশ্বজুৰি ‘কুলি’ৰ সংগ্ৰহ এই পৰ্যন্ত ৪৭০ কোটি টকাৰ ওপৰত হৈছেগৈ। এই ছবিখনৰ আনুমানিক বাজেট প্ৰায় ৩৫০ কোটি টকা।
‘কূলি’ৰ পৰিচালক লোকেশ কানাগৰাজে ‘কাইঠি’, ‘বিক্ৰম’ আৰু ‘মাষ্টাৰ’ৰ দৰে ব্লকবাষ্টাৰ ছবিৰ বাবে বিখ্যাত। এই ছবিখনত নাগাৰ্জুন আকিনেনী, শ্ৰুতি হাছান, সৌবিন শ্বাহীৰ, উপেন্দ্ৰ, সত্যৰাজ আৰু ৰচিতা ৰামৰ দৰে তাৰকাক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে। ইয়াৰ উপৰিও আমিৰ খান আৰু পূজা হেগদেও কেমিঅ’ কৰি ছাৰপ্ৰাইজ ফেক্টৰ যোগ কৰিছে। বিশেষ কথাটো হ’ল ‘কুলি’ৰ ডিজিটেল প্ৰিমিয়াৰ অতি সোনকালে আমাজন প্ৰাইম ভিডিঅ’ত হ’ব যদিও ইয়াৰ ষ্ট্ৰীমিং ডেট এতিয়াও ঘোষণা কৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
