কোকৰাঝাৰ, ২৪ আগষ্ট (হি.স.): সমাগত বিটিচি নিৰ্বাচন। নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলে নিজৰ দলৰ ভেটি শক্তিশালী কৰাৰ বাবে গাঁৱে ভূঁৱে চলাইছে যোগদান কাৰ্য্যসূচী লগতে চলাইছে মত বিনিময় সভা। তেনে ক্ষেত্ৰত পিছ পৰি থকা নাই সমাজবাদী পাৰ্টীও। যোৱাকালি শনিবাৰে বিয়লি সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী জাকিৰ হুছেইনৰ নেতৃত্বত বিটিচিৰ ২ নং গুমা সমষ্টিৰ অন্তৰ্গত গুৱাবাৰীৰ হংসবিল গাঁৱত এক যোগদান কাৰ্য্যসূচী লগতে মত বিনিময় সভা অনুষ্ঠিত হয়।
যোগদান কাৰ্য্যসূচীত সমাজবাদী পাৰ্টীত দুইশৰো অধিক লোক যোগদান কৰে। এই সভাই স্থানীয় ভোটাৰসকলৰ মাজত এক উৎসাহজনক পৰিবেশ সৃষ্টি কৰে আৰু অঞ্চলটোৰ ৰাজনৈতিক পৰিসৰলৈ সমাজবাদী পাৰ্টীৰ সক্ৰিয় উপস্থিতিৰ স্পষ্ট প্ৰতিফলন দিয়ে। সভাত অসমৰ ৰাজ্যিক সভাপতি ব্ৰজেন কুমাৰ হাণ্ডিকৰ, বিটিআৰৰ সভাপতি টেংলং মুছাহাৰী, ২ নং গুমা সমষ্টিৰ প্ৰাৰ্থী জাকিৰ হুছেইন, ফকিৰাগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী আনোৱাৰ হুছেইন সমাজবাদী পাৰ্টীৰ বিভিন্ন পৰ্য্যায়ৰ পদবীধাৰী সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
