
কাৰ্বি আংলং, ২৪ আগষ্ট (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজানৰ দিলাইত যোৱা কালি শনিবাৰে বিয়লি বহি -ৰাজ্যৰ পৰা অনা ৬০০ কাৰ্টুন বিলাতী সুৰা জব্দ কৰা হয়। জব্দ কৰা বিলাতী সুৰা সমূহৰ বজাৰ মূল্য প্ৰায় ১১ লাখ হ’ব বুলি জানিব পৰা গৈছে।
গুৱাহাটী দিশৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চুবুৰীয়া ৰাজ্য মণিপুৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল এই বিলাতী সুৰাসমূহ। খুচুৰা বিভিন্ন সামগ্ৰী তলত এই বিলাতী সুৰাসমূহ কঢ়িয়াই আনিছিল ট্ৰাকখনত। অবৈধ সুৰা কঢ়িয়াই অনা ট্ৰাকখনৰ নম্বৰ এএছ ০১ এনচি ৫১২৮ আছিল। জব্দ কৰা বিলাতী সুৰা সমূহৰ ভিতৰত Kingfisher বিয়েৰ 350 কাৰ্টুন আৰু Turborg বিয়েৰ 250 কাৰ্টুন আছে।এই সন্দৰ্ভত ট্ৰাকখনৰ চালক চাদ্দাম হুছেইন আটক কৰি অধিক তথ্য বাবে দিলাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
