নতুন দিল্লী, ২৩ আগষ্ট (হি.স.)। ভাৰতীৰ মহাকাশ গৱেষণা সংস্থা (ইছৰ) ৰ সভাপতি ভি. নাৰায়ণনে শনিবাৰে কৈছে যে প্ৰধানমন্ত্ৰীৰ পৰিচালনা আৰু দৰ্শনৰ আধাৰত আমি চন্দ্ৰযান-৪ অভিযান কৰিবলৈ যোৱাৰ চিন্তা কৰিছোঁ। আমি শুক্ৰ (ভেনাছ) অৰ্বিটাৰ মিছন কৰিবলৈ ওলাইছো। আমি ২০৩৫ চনৰ ভিতৰত এটা মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ ওলাইছো, যাৰ নাম হ’ব ভাৰতীয় মহাকাশ কেন্দ্ৰ আৰু ইয়াৰ প্ৰথম মডিউল ২০২৮ চনৰ ভিতৰত উৎক্ষেপণ কৰা হ’ব ।
ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ভাৰত মণ্ডপামত এক কাৰ্যসূচীত ভাষণ দি ভি নাৰায়ণনে কয় যে প্ৰধানমন্ত্ৰীয়ে এন জি এল (নেক্সট জেনাৰেশন লঞ্চাৰ)কো অনুমোদন জনাইছে। ২০৪০ চনৰ ভিতৰত ভাৰতে চন্দ্ৰত অৱতৰণ কৰিব আৰু নিৰাপদে উভতি আহিব। এইদৰে ২০৪০ চনৰ ভিতৰত ভাৰতীয় মহাকাশ কাৰ্যসূচী বিশ্বৰ আন যিকোনো মহাকাশ কাৰ্যসূচীৰ সমতুল্য হ’ব।
ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কয়, আমাৰ এটা ডাঙৰ সাফল্য হ’ল আমি আমাৰ এজন ‘গগণযাত্ৰী’ক আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ পঠিওৱা। ইয়াৰ বাবে আমি প্ৰধানমন্ত্ৰীক পুনৰ ধন্যবাদ দিব লাগিব। তেওঁৰ ধাৰণা আছিল যে আমাৰ ৰকেটেৰে গগণযাত্ৰী পঠোৱাৰ আগতে আমি ইয়াৰে এজনক আই এছ এছলৈ পঠিয়াব লাগে। তেওঁৰ দৃষ্টিভংগীয়ে আজি এক বৃহৎ সফলতা কঢ়িয়াই আনিলে। শুভাংশু শুক্লাই আই এছ এছলৈ গৈ নিৰাপদে উভতি আহিল।
ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে ২০২৩ চনৰ ২৩ আগষ্ট এটা ঐতিহাসিক দিন বুলি কয়। চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত ভাৰতে সফলতাৰে চন্দ্ৰযান-৩ অৱতৰণ কৰে। তেনেকুৱা একমাত্ৰ দেশ হৈ পৰিলোঁ আমি। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমাক মহাকাশ কাৰ্যকলাপৰ দিশ আৰু পথ প্ৰদৰ্শন দিছিল। চন্দ্ৰযান-৩ৰ অৱতৰণ স্থানক তেওঁৰ দ্বাৰা ‘শিৱ শক্তি বিন্দু’ নামেৰে নামাকৰণ কৰা হয়। লগতে ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰে।
ভাৰত মণ্ডপমত অনুষ্ঠিত ইছৰোৰ দ্বিতীয় ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় মহাকাশ দিৱস কাৰ্যসূচীত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিংহৰ সৈতে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাও উপস্থিত আছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
