– মুঠ ৪,৭০৬ কোটি টকা ব্যয় সাপেক্ষে ১৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১০টা পথ প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন
ভূপাল, ২৩ আগষ্ট (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আজি শনিবাৰে মধ্যপ্ৰদেশ ভ্ৰমণৰ বাবে জবলপুৰলৈ আহি আছে। তেওঁ ইয়াত ৰাজ্যৰ সৰ্ববৃহৎ আৰু অতি আধুনিক উৰণীয়া সেতু উদ্বোধন কৰিব। এই উপলক্ষে মুখ্যমন্ত্রী ড০ মোহন যাদৱো তেওঁৰ সৈতে উপস্থিত থাকিব ৷ এই উৰণীয়া সেঁতুখনে নতুন যান-বাহন স্বৰূপত জবলপুৰ চহৰক মহানগৰ পৰিচয় প্ৰদান কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী আৰু মুখ্যমন্ত্ৰী ড° যাদৱে দুপৰীয়া ১২ বজাত জবলপুৰত আয়োজন কৰা এক কাৰ্যসূচীত ৪,৭০৬ কোটি টকাৰ ধনৰাশিৰ ১৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১০টা পথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । কাৰ্যসূচীত ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লা, ৰাজহুৱা কাম-কাজ মন্ত্ৰী ৰাকেশ সিং, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলকে ধৰি আন সন্মানীয় জনপ্ৰতিনিধিসকল উপস্থিত থাকিব।
এই কাৰ্যসূচীত উদ্বোধন হ’বলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে জবলপুৰত চি আৰ আই এফে নিৰ্মাণ কৰা দামোহ নাকা-ৰনিতাল মদনমহল মেডিকেল ৰোড ফ্লাইঅভাৰ, কাটনী বাইপাছ চাৰিলেন বহল কৰা, আব্দুল্লাহগঞ্জ-ইতাৰ্ছি অংশৰ ৰাতাপানী বন্যপ্ৰাণী অভয়াৰণ্যৰ অংশ চাৰিলেন বহল কৰা আৰু হিৰণ-সিন্দুৰ অংশৰ নৌৰাদেশী বন্যপ্ৰাণী অভয়াৰণ্যৰ অংশ চাৰিলেন বহল কৰা।
একেদৰে যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ’ব সেইবোৰৰ ভিতৰত আছে জবলপুৰ ৰিং ৰোডৰ পঞ্চম পেকেজত আমঝাৰ-বেৰেলা চাৰিলেন পথ নিৰ্মাণ, ৰেৱা বাইপাছ চাৰিলেন বহল কৰা, ছিৰমৌৰ পৰা ডাভাউৰা অংশ বহল কৰা, মণ্ডলৰ পৰা নৈনপুৰ অংশ বহল কৰা, ৰেৱা-মৈহাৰ-কাটনী খণ্ডত ৭টা আণ্ডাৰপাছ নিৰ্মাণ কৰা আৰু কাটনি-জবলপুৰ-লখানাদোন খণ্ডত ছটাকৈ উৰণীয়া সেতু আৰু আণ্ডাৰপাছ নিৰ্মাণৰ কাম।
ৰাজহুৱা কাম-কাজ মন্ত্ৰী ৰাকেশ সিঙে কয় যে জবলপুৰত ১০৫২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ৬.৮৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উচ্চ কৰিড’ৰটো মধ্যপ্ৰদেশৰ সৰ্ববৃহৎ উৰণীয়া সেতু। ইয়াৰ এনে বহুতো বৈশিষ্ট্য আছে যিয়ে ইয়াক এক অনন্য পৰিচয় দিয়ে। এই উৰণীয়া সেতুখনৰ আটাইতকৈ ডাঙৰ কাৰিকৰী আকৰ্ষণ হ’ল ৰে’লপথৰ ওপৰত নিৰ্মিত ১৯২ মিটাৰ দৈৰ্ঘ্যৰ একক স্পেন কেবল ষ্টে দলং। এই প্ৰকল্পত মুঠ তিনিখন ধনুৰ ডোঙা দলঙো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে ৰাণীতাল এলেকাত দুখন দলং আৰু বলদেৱবাগ অঞ্চলত এখন দলং নিৰ্মাণ কৰা হৈছে। এই আটাইকেইখন দলং সম্পূৰ্ণৰূপে তীখাৰে নিৰ্মিত আৰু প্ৰতিখন দলঙৰ দৈৰ্ঘ্য প্ৰায় ৭০ মিটাৰ। আধুনিক অভিযান্ত্ৰিক কৌশলেৰে নিৰ্মিত এই গাঁথনিয়ে কেৱল জবলপুৰৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবে এক অনন্য আৰু প্ৰেৰণাদায়ক উদাহৰণ দাঙি ধৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
