নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কলকাতাত এক ৰাজনৈতিক সভাত ভাষণ দি কয় যে পশ্চিম বংগৰ উন্নয়নৰ কামত আটাইতকৈ ডাঙৰ বাধা হৈছে ৰাজ্যখনৰ বৰ্তমানৰ চৰকাৰ খন। তেওঁ অনুপ্ৰৱেশ, দুৰ্নীতি আৰু অপৰাধক ৰাজ্যখনৰ প্ৰধান সমস্যা বুলি অভিহিত কৰি কয় যে বংগক প্ৰকৃত পৰিৱৰ্তনৰ প্ৰয়োজন। তেওঁ কয় যে বংগৰ প্ৰতিজন ব্যক্তিয়ে কৈছে, ‘তৃণমূল গ’লেই প্ৰকৃত পৰিৱৰ্তন আহিব।’
প্ৰধানমন্ত্ৰীয়ে অনুপ্ৰৱেশৰ সমস্যা সন্দৰ্ভত কংগ্ৰেছ, বাওঁ দল আৰু তৃণমূল কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে। উন্নত দেশতো অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান চলি আছে বুলিও তেওঁ কয়। ভাৰত চৰকাৰেও জনগাঁথনি পৰিৱৰ্তন সন্দৰ্ভত এটা মিছন লৈ আহিছে। অনুপ্ৰৱেশকাৰীয়ে মানুহৰ জীৱিকা কাঢ়ি লৈ ভুৱা নথি-পত্ৰ লৈ ইয়াত জীৱন নিৰ্বাহ কৰি আছে। দেশৰ বাহিৰলৈ যাব লাগিব। এই কাম সততাৰে সম্পূৰ্ণ কৰিবলৈ ইয়াৰ পৰাই যাব লাগিব তৃণমূল চৰকাৰ।
মোদীয়ে কয় যে অনুপ্ৰৱেশৰ বাবে সীমান্ত অঞ্চলৰ ছবি সলনি হৈছে, যাৰ ফলত সামাজিক সংকটৰ সৃষ্টি হৈছে। ইয়াৰ বাবেই কৃষকক প্ৰতাৰণা কৰি আদিবাসীক বিপথে পৰিচালিত কৰি মাটি দখল কৰাৰ ঘটনা পোহৰলৈ আহিছে। তেওঁ কয়, আপোনাৰ এটা ভোটে বংগক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিব পাৰে। আপোনাৰ ভোট দিয়ক আৰু অনুপ্ৰৱেশকাৰীসকলে পলাবলৈ আৰম্ভ কৰিব।
প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে যে কেন্দ্ৰই প্ৰেৰণ কৰা ধন দুখীয়া আৰু মহিলাৰ বাবে ব্যয় কৰাৰ পৰিৱৰ্তে তৃণমূল কংগ্ৰেছৰ কেডাৰৰ বাবে অপচয় কৰা হৈছে। অসম আৰু ত্ৰিপুৰাৰ পৰিস্থিতি এটা সময়ত একেই আছিল। এই ৰাজ্যসমূহৰ দৰেই বংগত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে কেন্দ্ৰৰ আঁচনিৰ সুবিধা ৰাইজৰ মাজলৈ যাব।
প্ৰধানমন্ত্ৰীয়ে জেলত বন্দী কলংকিত মন্ত্ৰীসকলক পদৰ পৰা আঁতৰাবলৈ কেন্দ্ৰই অনা সংবিধান সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰে। তেওঁ কয় যে লোকসভাত তৃণমূল কংগ্ৰেছৰ সাংসদসকলে বিধেয়কখনৰ প্ৰতিলিপি ফালিবলৈ চেষ্টা কৰিছিল। এই ঘটনাই দেখুৱাইছে যে পশ্চিম বংগৰ ৰাজনীতি দুৰ্নীতিৰ পাহাৰৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ কয় যে ইয়াতো দুর্নীতিৰ সৈতে জড়িত দুজন মন্ত্রীক এই পদত ৰখা হৈছে ৷
প্ৰধানমন্ত্ৰীয়ে জন সংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামা প্ৰসাদ মুখাৰ্জীক দেশৰ উদ্যোগিক উন্নয়নৰ পিতৃ বুলি অভিহিত কৰে। ২০২৬ চনত ৰাজ্যখনত বিজেপি চৰকাৰ গঠন কৰি শ্যামা প্ৰসাদ মুখাৰ্জীৰ সপোনৰ বংগ গঢ়ি তুলিব বুলি ৰাইজক আহ্বান জনায়। কংগ্ৰেছে কেতিয়াও তেওঁৰ অৱদান স্বীকাৰ কৰা নাছিল। দেশৰ প্ৰথম উদ্যোগ মন্ত্ৰী হিচাপে তেওঁ শিল্প নীতি প্ৰণয়ন কৰিছিল। দেশখনে যদি তেওঁৰ নীতি মানি চলিলেহেঁতেন তেন্তে দেশৰ পৰিস্থিতি বেলেগ হ’লহেঁতেন ৷ বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত বংগতো শিল্প উন্নয়ন হ’ব ৷ বন্ধ কাৰখানা পুনৰ আৰম্ভ হ’ব, নতুন বিনিয়োগ আহিব আৰু ডাম ডাম পুনৰ উদ্যোগৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।
প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগক নতুন পোহৰ আৰু প্ৰকৃত পৰিবৰ্তনৰ প্ৰয়োজন। মা, মাটি, মানুষৰ শ্লোগান দি ক্ষমতালৈ অহা কংগ্ৰেছ, বাওঁপন্থী আৰু তাৰ পিছত তৃণমূল চৰকাৰে বংগক নিৰাশ কৰিছে। অপৰাধ আৰু দুৰ্নীতি বৰ্তমানৰ চৰকাৰৰ পৰিচয় হৈ পৰিছে। এনে পৰিস্থিতিত কেৱল বিজেপিয়েহে প্ৰকৃত পৰিৱৰ্তন আনিব পাৰে, অপৰাধী আৰু দুৰ্নীতিগ্ৰস্ত লোকক জেললৈ পঠিয়াই উন্নয়নৰ পথ মুকলি কৰিব পাৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগত উন্নয়নৰ বৃহৎ সম্ভাৱনা আছে। শেহতীয়াকৈ বাংলা ভাষাক কেন্দ্ৰই ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। বংগৰ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্য আছে যাক পৰ্যটনৰ সৈতে সংযোগ কৰি অৰ্থনৈতিক উন্নয়নক প্ৰসাৰিত কৰিব পাৰি। ইয়াত দেশৰ বাবে বৈদ্যুতিক উৎপাদন আন্তঃগাঁথনি সৃষ্টিৰ বিপুল সম্ভাৱনা আছে। বংগৰ প্ৰকৃত উন্নয়ন আৰু পৰিৱৰ্তনৰ বাবে বিজেপিক সমৰ্থন কৰিবলৈ ৰাইজক আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
