
গুৱাহাটী, ২২ আগষ্ট (হি.স.)। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ বাবে আহি গ’ল মন্ত্ৰা ৩.০। যি এক চিকিৎসা বিজ্ঞানত উৎসৰ্গিত ৰব’ট। সোণাপুৰৰ নাজিৰাখাটস্থিত কিডনী হাস্পতালত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ হয় মন্ত্ৰা ৩.০ ৰব’টৰ ৰব’টিক চাৰ্জাৰী।
এই উৎসৰ্গিত ৰব’টে সফলভাৱে সম্পন্ন কৰিলে দুগৰাকী লোকৰ অস্ত্ৰোপ্ৰচাৰ। শিলচৰ আৰু নগাঁৱৰ দুগৰাকী ৰোগীক এই ৰব’টিক চাৰ্জাৰীৰ জড়িয়তে অস্ত্ৰোপ্ৰচাৰ কৰি সুস্থ কৰি তোলে। এই সন্দৰ্ভত কিডনী হাস্পতালৰ মুখ্য পৰিচালন সঞ্চালক ডা০ অৰূপ কুমাৰ নাথে সংবাদমেল সম্বোধন কৰি কয় যে এতিয়াৰে পৰা কিডনীজনিত জটিল ৰোগৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে অসমৰ পৰা বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই।
সোণাপুৰৰ কিডনী হাস্পতালত ৰব’টিক চাৰ্জাৰীৰ দ্বাৰা কম খৰচতে ৰোগীক সুস্থ কৰি তোলা হ’ব বুলিও মন্তব্য কৰে ডা০ অৰূপ কুমাৰ নাথে। আজিৰ সংবাদমেলত বিশিষ্ট ইউৰ’লজিষ্ট ডা০ দেৱজিৎ বৈশ্য, ডা০ বৰুণ কুমাৰ, ডা০ সুমিত কাব্ৰা, ডা০ বিকাশ দাস উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / Narayan Kar
