নতুন দিল্লী, ২২ আগষ্ট (হি স)। ঘৰুৱা অলংকাৰ বজাৰত সামান্য উৰ্ধমুখী ধাৰা অবিৰতভাৱে দেখা গৈছে। মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০০,৭৬০ টকাৰ পৰা ১,০০,৯১০ টকাৰ স্তৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণো আজি প্ৰতি ১০ গ্ৰামত ৯২,৩১০ টকাৰ পৰা ৯২,৪৬০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। সোণৰ দৰেই ৰূপৰ মূল্য বৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ বুলিয়নৰ বজাৰত প্ৰতি কেজিত ১,১৬,১০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
আজি দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ১,০০,৯১০ টকা প্ৰতি ১০ গ্ৰামত ব্যৱসায় কৰাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯২,৪৬০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০০,৭৬০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,৩১০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,০০,৮১০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯২,৩৬০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০০,৭৬০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,৩১০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য ১,০০,৭৬০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯২,৩১০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০০,৯১০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য ৯২,৪৬০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,০০,৮১০ টকাৰ স্তৰত থকাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯২,৩৬০ টকাৰ স্তৰত বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০০,৯১০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,৪৬০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজি কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ ব্যৱসায় হৈছে ১,০০,৭৬০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯২,৩১০ টকাৰ হাৰত বিক্ৰী হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
