চেলেম, ২১ আগষ্ট (হি.স.)। পৰ্যটকৰ সুবিধাৰ্থে মেট্টুপালায়ম, উধাগমণ্ডলম আৰু কুনুৰৰ মাজৰ পাহাৰীয়া পথত শীঘ্ৰে বিশেষ ৰে’ল সেৱা আৰম্ভ হ’ব। এই সময়ছোৱাত উটি পাহাৰীয়া পথত ৰে’লযোগে যাত্ৰা কৰাটো পৰ্যটকৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা হ’ব।
তথ্য অনুসৰি অহা ২৩ আৰু ৩০ আগষ্ট, ৫ আৰু ৭ ছেপ্টেম্বৰ, ২, ৪, ১৭ আৰু ১৯ অক্টোবৰৰ পুৱা ৯ বজাত মেট্টুপালিয়ামৰ পৰা উধাগমণ্ডলম বিশেষ ৰে’লখন ৰাওনা হ’ব আৰু কুনুৰ হৈ বিয়লি ২.২৫ বজাত উধাগামণ্ডলমলৈ যাব। একেখন ৰে’ল ২৪ আৰু ৩১ আগষ্ট, ৬ আৰু ৮ ছেপ্টেম্বৰ, ৩, ৫, ১৮ আৰু ২০ অক্টোবৰৰ পুৱা ১১.২৫ বজাত উধাগামণ্ডলমৰ পৰা ৰাওনা হ’ব আৰু কুনুৰ হৈ বিয়লি ৪.২০ বজাত মেট্টুপলামলৈ যাব।
২৩ আৰু ৩০ আগষ্ট, ৫ আৰু ৭ ছেপ্টেম্বৰ, ২, ৪, ১৭ আৰু ১৯ অক্টোবৰৰ বিয়লি ২.৫০ বজাত উধাগমণ্ডলম-কুনুৰ বিশেষ ৰে’লখনে উধাগমণ্ডলৰ পৰা বিয়লি ৩.৫৫ বজাত কুনুৰ পাবগৈ। বিপৰীত দিশৰ একেখন ৰে’লে ২৪ আৰু ৩১ আগষ্ট, ৬ আৰু ৮ ছেপ্টেম্বৰ, ৩, ৫, ১৮ আৰু ২০ অক্টোবৰৰ পুৱা ৯.২০ বজাত কুনুৰৰ পৰা ৰাতিপুৱা ১০.৪৫ বজাত উধাগামণ্ডলম পাবগৈ।
লগতে ৫, ৬ আৰু ৭ ছেপ্টেম্বৰ আৰু ২, ৩, ৪, ৫, ১৮ আৰু ১৯ অক্টোবৰৰ পুৱা ৮.২০ বজাত কুনুৰ-উধগামণ্ডলম বিশেষ ৰে’লখনে ৰাতিপুৱা ৯.৪০ বজাত উধাগামণ্ডলম পাবগৈ। উভতি অহা যাত্ৰাত একেখন ৰে’ল ৫, ৬ আৰু ৭ ছেপ্টেম্বৰ আৰু ২, ৩, ৪, ৫, ১৮ আৰু ১৯ অক্টোবৰত বিয়লি ৪.৪৫ বজাত উধাগমণ্ডলমৰ পৰা ৰাওনা হ’ব আৰু সন্ধিয়া ৫.৫৫ বজাত কুনুৰ পাবগৈ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
