নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। পুনৰবাৰ নতুন শক্তিৰে প্ৰ’ কাবাডী লীগ (পিকেএল)ৰ ছিজন ১২ত প্ৰৱেশ কৰিবলৈ সাজু হৈছে ডাবাং দিল্লী কেচি। পূৰ্বৰ ছিজনৰ দৰেই এইবাৰো দলটোৱে যুৱ ৰেইডাৰ আশু মালিকক অধিনায়ক হিচাপে ৰখাৰ কথা ঘোষণা কৰিছে। ১১ নং ছিজনত আছুৱে আছিল সৰ্বাধিক স্ক’ৰাৰ।
মাত্ৰ ২২ বছৰ বয়সতে আশুৱে ধাৰাবাহিক প্ৰদৰ্শন আৰু পৰিপক্ক নেতৃত্বৰ দক্ষতা প্ৰদৰ্শন কৰিছে। যোৱা ছয়টা ছিজনত ধাৰাবাহিকভাৱে প্লে অফত প্ৰৱেশ কৰা দিল্লী দলটোৱে এইবাৰো আছুৰ নেতৃত্বত খিতাপ দখল কৰাৰ আশা কৰিছে।
দলৰ চিইঅ’ প্ৰশান্ত মিশ্ৰই কয়, এই ছিজনটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। একেৰাহে ছবাৰ প্লে অফত প্ৰৱেশ কৰাৰ পিছত এতিয়া আমাৰ লক্ষ্য হৈছে খিতাপ জয় কৰা। ইয়াৰ বাবে শক্তিশালী নেতৃত্বৰ প্ৰয়োজন আৰু আশুৱে এই ভূমিকাত নিজকে প্ৰমাণ কৰিছে। আমি নিশ্চিত যে তেওঁ দলটোক নতুন উচ্চতালৈ লৈ যাব। মুখ্য প্ৰশিক্ষক যোগিন্দৰ নৰৱালেও আশাৰ ওপৰত আস্থা প্ৰকাশ কৰি কয়, ‘যোৱা ছিজনত আশু মালিকে দলটোক ধাৰাবাহিকভাৱে আগুৱাই লৈ গৈছিল আৰু নিজকে এজন ভাল নেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল। এইবাৰ আমাৰ লক্ষ্য কেৱল প্লে অফতে সীমাবদ্ধ নহয় বৰঞ্চ চেম্পিয়নশ্বিপ জয় কৰাটোৱেই।”
অহা ২ ছেপ্টেম্বৰত বেংগালুৰু বুলছৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ডাবাং দিল্লী কেচিয়ে। আশু মালিকৰ অধিনায়কত্বত এই ছিজনত দলটোৱে নতুন শক্তি আৰু জয়ৰ মনোভাৱেৰে খেলপথাৰত প্ৰৱেশ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
