পাটনা, ২১ আগষ্ট (এইচ এছ)। বিহাৰৰ বৈশালী জিলা সদৰ হাজীপুৰৰ বাছ ষ্টেণ্ড অপাৰেটৰ ৰাজু ৰাইৰ ঘৰত পুৱা ৪.৩০ বজাত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (এন আই এ) অভিযান চলায়। হাজীপুৰ নগৰ থানা এলেকাৰ ডাক বাংলা চকত অৱস্থিত ৰাজু ৰায়ৰ ঘৰত পুৱাৰে পৰা এন আই এৰ দলটোৱে অভিযান আৰম্ভ কৰে।
ইয়াৰ মাজতে স্থানীয় আৰক্ষীও উপস্থিত হৈ সমগ্ৰ অঞ্চলটোত নিস্তব্ধতা বিৰাজ কৰে। দলটোৱে ৰাজু ৰায়ৰ ঘৰত পুংখানুপুংখ তালাচী চলাই সোধা-পোছা কৰে। এন আই এৰ এই কাৰ্য্য ২০২৪ চনত মুজাফ্ফৰপুৰত এ কে ৪৭ উদ্ধাৰৰ সৈতে জড়িত গোচৰৰ তদন্তৰ অংশ।
২০২৪ চনৰ ডিচেম্বৰ মাহতো এন আই এয়ে হাজীপুৰৰ দুটা স্থান, এছ ডি অ’ ৰোডৰ এটা অধিবক্তাৰ ঘৰ আৰু বাগমালিৰ আন এটা ঘৰত অভিযান চলাইছিল। সেই সময়তো অভিযানটো এ কে ৪৭ গোচৰৰ সৈতে জড়িত আছিল। প্ৰায় চাৰি ঘণ্টাৰ একচনৰ অন্তত পাটনালৈ উভতি আহিছে এনআইএৰ দলটো।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
