নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। আলজেৰিয়াৰ বক্সাৰ তথা অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ইমান খলিফে বুধবাৰে তেওঁৰ প্ৰাক্তন মেনেজাৰে বক্সিঙৰ পৰা অৱসৰ লোৱাৰ দাবী নাকচ কৰে। পেৰিছ অলিম্পিকত মহিলাৰ ৬৬ কেজি ওজনৰ শাখাত সোণৰ পদক লাভ কৰা খলিফে ছ’চিয়েল মিডিয়াত লিখিছে, ‘মই স্পষ্ট কৰিব বিচাৰিছো যে মোৰ অৱসৰৰ খবৰটো সম্পূৰ্ণ মিছা।
২৬ বছৰীয়া খলিফে তেওঁৰ প্ৰাক্তন মেনেজাৰ নাছেৰ ইয়াছফাহৰ বিৰুদ্ধে আস্থা ভংগ আৰু মিছা বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰে। তেখেতে কয়, এই ব্যক্তিজনে মোক এতিয়া কোনো ৰূপত প্ৰতিনিধিত্ব নকৰে। মই কেতিয়াও অৱসৰৰ কথা ঘোষণা কৰা নাছিলো। মই মোৰ ক্ৰীড়া কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণৰূপে উৎসৰ্গিত। মই আলজেৰিয়া আৰু কাটাৰত নিয়মিতভাৱে অনুশীলন কৰি আছো আৰু আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবে প্ৰস্তুতি চলাইছো।
মন কৰিবলগীয়া যে বুধবাৰে ফ্ৰান্সৰ কাকত নাইচ মেটিনে তেওঁৰ প্ৰাক্তন মেনেজাৰৰ উদ্ধৃতি দি খলিফে বক্সিং এৰি দিয়া বুলি দাবী কৰিছে।
উল্লেখ্য় যে ৪ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ লিভাৰপুলত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে পঞ্জীয়নৰ শেষ তাৰিখ সোমবাৰ আছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
