ধুবুৰী, ২০ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱাকালি মঙলবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাৰত পেট্ৰলিয়াম পাম্পৰ সন্মুখত সংঘটিত হয় পথ দুৰ্ঘটনাটো। এখন তীব্ৰ বেগী ছুইফ্ট ডিজাৰ চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে ছাত্ৰ-ছাত্ৰী মহিলাকে ধৰি পাঁচ জনকৈ লোকক।
স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে আহত সকলক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ নিয়ে। ইয়াৰে ভিতৰত চিকিৎসকে দ্বীপৰকুটী গাৱঁৰ ছাদ্দাম হুছেইন(১৭) আৰু আব্দুল্লা সেখ(১৫)ক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে। গুৰুতৰ ভাবে আহত সুৰ্যখাতা গাঁৱৰ ছুৰিয়া বিবি(৪৫), কাৰিমুল হক(১৫)কো উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে। ছানিয়া ইয়াছমিন(১০)ক চিকিৎসা প্ৰদান কৰি ঘৰলৈ যাব দিয়ে। দূৰ্ঘটনা কৰা বাহন খনৰ নম্বৰ এ এছ ০১বি জে ৬৬৬৪ বুলি জানিব পৰা গৈছে আৰু বৰ্তমান বাহনখন বিলাসীপাৰা আৰক্ষীয়ে জব্দ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
