
ডিব্ৰুগড়, ২০ আগষ্ট (হি.স.): ডিব্ৰুগড় জিলাৰ দুলীয়াজানত যোৱা কালি মঙ্গলবাৰে সন্ধিয়া এক চাঞ্চল্যৰ ঘটনা সংঘটিত হয়। দুলীয়াজানৰ ভাদৈ আৰক্ষী চকীৰ অন্তৰ্গত ১ নং কঠালগুৰি চাহ বাগিচাত চুৰিকাঘাতৰ ঘটনাত এজন লোক আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি ফুটবল খেল উপভোগ কৰি ঘৰলৈ উভতাৰ সময়তে দুই ব্যক্তিৰ মাজত প্ৰথমে কাজিয়া সূত্ৰপাত আৰু তাৰ পাছতেই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ভেৰভেৰী কাটানি গাঁৱৰ পূৰণ গঢ় নামৰ লোকজনে আক্ৰমণৰ ফলতেই গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ১ নং কঠালগুৰি গাঁৱৰ চন্দন মুৰা নামৰ লোকজন। ঘটনাস্থলীত ভাদৈ আৰক্ষী উপস্থিত হৈ চোকা অস্ত্ৰ সহ পূৰণ গঢ়ক আটক কৰে। শেহতীয়াকৈ চন্দন মুৰাক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি দুলীয়াজান অইল ইণ্ডিয়া হাস্পাতাললৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
