নতুন দিল্লী, ২০ আগষ্ট (হি.স.)। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰতে ব্ৰহ্মপুত্ৰ (য়াৰলুং ছাংপো) নদীৰ তলৰ অংশত চীনে নিৰ্মাণ কৰি থকা মেগা বান্ধটোক লৈও উদ্বেগ প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত নিম্ন প্ৰান্তৰ ভাৰতীয় ৰাজ্যসমূহৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব। এই ক্ষেত্ৰত পৰম স্বচ্ছতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ সৈতে হোৱা আলোচনাৰ সময়ত চীনে টাইৱানৰ বিষয়টো উত্থাপন কৰিছিল। এই সন্দৰ্ভত ভাৰতে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ স্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰু টাইৱানৰ সৈতে ইয়াৰ সম্পৰ্ক কেৱল অৰ্থনৈতিক, কাৰিকৰী আৰু সাংস্কৃতিক ক্ষেত্ৰত সীমাবদ্ধ থাকিব। ভাৰতে লগতে আঙুলিয়াই দিয়ে যে চীনে নিজেও এই ক্ষেত্ৰসমূহত টাইৱানৰ সৈতে সহযোগিতা কৰে।
চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। ইয়াত কোৱা হৈছে যে ভাৰত আৰু চীনৰ সম্পৰ্কক নতুন গতি প্ৰদানৰ প্ৰয়াসত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ আমন্ত্ৰণত ১৮-১৯ আগষ্টত ভাৰত ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত তেওঁ সীমান্ত বিষয়ত বিশেষ প্ৰতিনিধিৰ ২৪ সংখ্যক আলোচনাৰ সহ-অধ্যক্ষতা কৰাৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰে।
মন্ত্ৰালয়ৰ মতে, বিশেষ প্ৰতিনিধি আলোচনাত উত্তেজনা হ্ৰাস, সীমা নিৰ্ধাৰণ আৰু সীমান্ত বিষয়ক লৈ আলোচনা কৰা হয়। বৈদেশিক মন্ত্ৰীসকলৰ মাজত হোৱা আলোচনাত উমৈহতীয়া স্বাৰ্থৰ দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়।
এই সময়ত ভাৰতীয় পক্ষই সকলো ধৰণৰ সন্ত্ৰাসবাদ, বিশেষকৈ সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি সোঁৱৰাই দিয়ে যে চাংহাই সহযোগিতা সংস্থাৰ (এছচিও) এটা প্ৰধান উদ্দেশ্য হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া। সন্ত্ৰাসবাদ বিৰোধীক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত বুলি ৱাং য়িয়ে এই কথাত সন্মতি প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
