অৱশেষত বছৰৰ সৰ্ববৃহৎ প্যান ইণ্ডিয়া ছবিখনৰ সৈতে জড়িত এটা ডাঙৰ আপডেট শ্বেয়াৰ কৰিছে ‘কান্তৰা অধ্যায় ১’ৰ নিৰ্মাতাসকলে। তেওঁলোকে মুকলি কৰিছে বলীউডৰ অভিনেতা গুলশান দেৱাইয়াৰ ফাৰ্ষ্ট লুক, য’ত তেওঁক দেখা যাব কুলাশেখৰৰ চৰিত্ৰত। এই ছবিখন ২০২২ চনৰ ব্লকবাষ্টাৰ ছবি ‘কান্তৰা’ৰ প্ৰিক্যুৱেল । ছবিখনৰ ঋষব শ্বেট্টী নিজেই পৰিচালক। এই ঘোষণাৰ পিছত অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে, কিয়নো যোৱাবাৰ সকলোকে মন্ত্ৰমুগ্ধ কৰা ৰহস্যময় পৃথিৱীখনৰ আভাস আকৌ এবাৰ পাবলৈ দৰ্শকে অপেক্ষা কৰি আছে।
‘কান্তৰা অধ্যায় ১’ৰ ৰচনা আৰু পৰিচালনা ঋষব শ্বেট্টীৰ। এইবাৰো ছবিখনত নিজৰ কেন্দ্ৰীয় চৰিত্ৰটোক পৰ্দাত সজীৱ কৰি তোলা দেখা যাব। এই প্ৰিক্যুৱেলে প্ৰথমখন ছবিৰ বিশ্বব্ৰহ্মাণ্ড আৰু অধিক বিস্তাৰ কৰাৰ লগতে দৰ্শকক এক নতুন কাহিনীৰ সৈতে পৰিচয় কৰাই দিব। প্ৰথমখন ছবিয়ে লোককথা, বিশ্বাস আৰু মানৱীয় আৱেগৰ সংমিশ্ৰণেৰে এক অনন্য গল্প কোৱাৰ উপস্থাপন কৰিলেও এই প্ৰিকুৱেলে সেই আখ্যানৰ মূলত উপনীত হৈ গভীৰ আৱেগক উলিয়াই অনাৰ প্ৰতিশ্ৰুতি দিছে।
কুলাশেখৰৰ ৰূপত গুলচন দেৱাইয়াৰ প্ৰথম ৰূপত দৰ্শকৰ কৌতুহল আৰু বাঢ়িছে। এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে তেওঁৰ চৰিত্ৰটোৱে এই বহু প্ৰশংসিত বিশ্বব্ৰহ্মাণ্ডৰ কাহিনীটো কি নতুন দিশলৈ লৈ যাব। ২০২৫ চনৰ ২ অক্টোবৰত এই ছবিখনৰ গ্ৰেণ্ড ৱৰ্ল্ডৱাইড মুক্তিৰ কথা।বিশেষ কথাটো হ’ল এই প্ৰকল্পটো কানাড়া, তেলেগু, হিন্দী, তামিল, মালয়ালম, বাংলা আৰু ইংৰাজীকে ধৰি বহু ভাষাত একেলগে মুক্তি পাব, যাৰ ফলত ইয়াৰ প্ৰসাৰতা আৰু বহল হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
