ছুপাৰষ্টাৰ ৰজনীকান্তৰ ছবি ‘কুলি’ মুক্তি পোৱা ৫ দিন হ’ল। ১৪ আগষ্টত ছবিগৃহত মুক্তি পোৱা এই একচন থ্ৰিলাৰ ছবিখনে আৰম্ভণিৰে পৰাই বক্স অফিচত বহু উপাৰ্জন কৰি আহিছে। পৰিস্থিতি এনেকুৱা যে মাত্ৰ পাঁচ দিনতে ছবিখনে ঘৰুৱা বক্স অফিচত ২০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে।
বক্স অফিচ ট্ৰেকাৰ চাকনিল্কৰ মতে, মুক্তিৰ পঞ্চম দিনা ‘কুলি’ই ১২ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে ছবিখনৰ মুঠ সংগ্ৰহ ২০৬.৫০ কোটি টকা হৈছেগৈ। ৰজনীকান্ত অভিনীত এই ছবিখনে প্ৰথম দিনাই ৬৫ কোটি টকাৰ উজ্জ্বল পৰিসংখ্যাৰে ব্লকবাষ্টাৰ আৰম্ভণি কৰিছিল। দ্বিতীয় দিনা ছবিখনে ৫৪.৭৫ কোটি, তৃতীয় দিনা ৩৯.৫ কোটি আৰু চতুৰ্থ দিনত ৩৫.২৫ কোটি টকাৰ ব্যৱসায় কৰে।
ইতিমধ্যে ‘লিয়ো’ আৰু ‘মাষ্টৰ’ৰ দৰে সফল ছবিৰে নিজৰ নাম অৰ্জন কৰা লোকেশ কানাগৰাজে পৰিচালনা কৰিছে ‘কুলী’। নাগাৰ্জুনা আকিনেনী, শ্ৰুতি হাছান, সৌবিন শ্বাহীৰ, উপেন্দ্ৰ, সত্যৰাজ আৰু ৰচিতা ৰামৰ দৰে তাৰকাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে আমিৰ খান আৰু পূজা হেগড়ে বিশেষ কেমিঅ’ত অভিনয় কৰিছে। ৰজনীকান্তই এই ছবিখনত দেৱৰ চৰিত্ৰত অভিনয় কৰিছে, য’ত তেওঁৰ প্ৰচণ্ড একচন আৰু কাৰিজমাটিক শৈলী দৰ্শকে ভাল পাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
